গড়গাঁও
অসমৰ এখন ঐতিহাসিক ঠাই / From Wikipedia, the free encyclopedia
গড়গাঁও বা চে'-হুঙ (আহোম: 𑜋𑜦𑜧 𑜑𑜤𑜂𑜫, ,উচ্চাৰণ:/gɑ:ˈgɑ̃ʊ/) আহোম ৰাজ্যৰ ৰাজধানী আছিল। ১৫৪০ চনত স্বৰ্গদেউ চুক্লেংমুঙে গড়গাঁৱত আহোম ৰাজ্যৰ ৰাজধানী স্থাপন কৰিছিল।[1][2] বৰ্তমান এই স্থান অসমৰ শিৱসাগৰ জিলাত অৱস্থিত। গড়গাঁও শিৱসাগৰ চহৰৰ পৰা ১৩ কিলোমিটাৰ নিলগত অৱস্থিত। ১৫৪০ চনতে স্বৰ্গদেউ চুক্লেংমুঙে গঁড়গাঁৱত কাৰেং ঘৰ কাঠ আৰু শিলেৰে নিৰ্মাণ আৰম্ভ কৰিছিল। তাৰ পাছত স্বৰ্গদেউ প্ৰমত্ত সিংহয়ে ইয়াক ইটাৰে নিৰ্মাণ কৰে। তেওঁ গড়গাঁও কাৰেঙৰ চাৰিওফালে প্ৰায় পাঁচ কিলোমিটাৰ দৈৰ্ঘ্যৰে ইটাৰ দেৱাল আৰু প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰিছিল।[3] ১৭৫২ চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হয়। সেয়ে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰায়।[3][4]
ক্ষিপ্ৰ তথ্য গড়গাঁও চে'-হুঙ (𑜋𑜦𑜧 𑜑𑜤𑜂𑜫), দেশ ...
গড়গাঁও চে'-হুঙ (𑜋𑜦𑜧 𑜑𑜤𑜂𑜫) |
|
---|---|
— ঐতিহাসিক স্থল — | |
Gargaon Kareng Ghar or Gargaon Palace, of the Ahom Kingdom.jpgগড়গাঁৱৰ কাৰেং ঘৰ | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | শিৱসাগৰ জিলা |
উচ্চতা | ৯৫ মিটাৰ (৩১১.৬৮ ফুট) |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০) |
আই এচ অ’ ৩১৬৬ কোড | IN-AS |
যানবাহনৰ নম্বৰ | AS |
বন্ধ কৰক