কৰতোৱা নদী
ভাৰত আৰু বাংলাদেশৰ মাজেৰে বৈ যোৱা এখন আন্তঃসীমান্ত নদী / From Wikipedia, the free encyclopedia
কৰতোৱা নদী (ইংৰাজী: Karatoya River) ভাৰত আৰু বাংলাদেশৰ মাজেৰে বৈ যোৱা এখন আন্তঃসীমান্ত নদী। নদীখন ভাৰতৰ পশ্চিম বংগৰ জলপাইগুৰি জিলা আৰু বাংলাদেশৰ উত্তৰ-পশ্চিম অংশৰ পঞ্চগড় আৰু দিনাজপুৰ জিলাৰ মাজেৰে বৈ গৈছে। নদীখনৰ বাংলাদেশ অংশৰ দৈৰ্ঘ্য ১৮৭ কিলোমিটাৰ, গড় প্ৰস্থ ১৩৫ মিটাৰ আৰু নদীখনৰ প্ৰকৃতি সৰ্পিল আকৃতিৰ। নদীখনৰ বাংলাদেশৰ পানী উন্নয়ন ব'ৰ্ড বা "পাউবো"ৰ দ্বাৰা প্ৰদান কৰা পৰিচয় নম্বৰ হৈছে উত্তৰ-পশ্চিম অঞ্চলৰ ১৩ নং নদী।[1]