কেৰেলা (ৰাজ্য)
ভাৰতৰ এখন ৰাজ্য / From Wikipedia, the free encyclopedia
কেৰেলা (ইংৰাজী: Kerala, মালয়ালম: കേരളം কেৰলম) ভাৰতৰ দক্ষিণ-পশ্চিমাঞ্চলৰ মালবাৰ উপকূলত অৱস্থিত এখন ৰাজ্য। পূৰ্বৰ ট্ৰাভঙ্কৰ-ক’চিন ৰাজ্য আৰু মাদ্ৰাজ ৰাজ্যৰ মালয়ালমভাষী অঞ্চলসমূহক একত্ৰিত কৰি ৰাজ্য পুনৰ্গঠন আইনৰ অনুসৰি ১৯৫৬ চনৰ ১ নৱেম্বৰত কেৰেলা ৰাজ্যৰ গঠন কৰা হয়। ৩৮,৮৬৩ বৰ্গকিলোমিটাৰ (১৫,০০৫ বৰ্গমাইল) মাটিকালিৰে কেৰেলা ভাৰতৰ ২৩তম বৃহত্তম ৰাজ্য। ইয়াৰ উত্তৰ আৰু উত্তৰ-পূবে কৰ্ণাটক, পূবে আৰু দক্ষিণে তামিলনাডু আৰু পশ্চিমে লাক্ষাদ্বীপ সাগৰ[8] অৱস্থিত। ২০১১ চনৰ লোকপিয়ল অনুসাৰি ৩,৩৩,৮৭,৬৭৭জন বাসিন্দাৰে কেৰেলা জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ১৩তম বৃহত্তম ৰাজ্য। কেৰেলা ৰাজ্যখনক ১৪খন জিলাত বিভক্ত কৰা হৈছে আৰু ইয়াৰ ৰাজধানী হৈছে তিৰুৱনন্তপুৰম। মালয়ালম ভাষা হৈছে ৰাজ্যখনৰ মূল কথিত ভাষা তথা চৰকাৰী ভাষাও।[9] ক’চিন এখন গুৰুত্বপূৰ্ণ বন্দৰ তথা তেলশোধনাগাৰ। কালিকট আন এখন বন্দৰ চহৰ।
কেৰেলা | |||
---|---|---|---|
— ভাৰতৰ ৰাজ্য — | |||
|
|||
অন্য নাম: God's Own Country, Spice Garden of India, Land of Coconuts, Land of Trees | |||
ভাৰতৰ মানচিত্ৰত কেৰেলাৰ অৱস্থান | |||
দেশ | ভাৰত | ||
Statehood | ১ নৱেম্বৰ ১৯৫৬; ৬৭ বছৰ আগত (1956-11-01) | ||
ৰাজধানী | তিৰুৱনন্তপুৰম | ||
জিলা | ১৪টা | ||
চৰকাৰ | |||
- পৰিষদ | কেৰেলা চৰকাৰ | ||
- ৰাজ্যপাল | আৰিফ মোহম্মদ খান | ||
- মুখ্যমন্ত্ৰী | পিনাৰাই বিজায়ান (চি, পি, আই (এম)) | ||
- Legislature | Unicameral (141 seats) | ||
- Parliamentary constituencies | |||
- হাইকোৰ্ট | কেৰেলা হাইকোৰ্ট | ||
মাটিকালি | |||
- মুঠ | ৩৮,৮৬৩ কি.মি.২ (১৫,০০৫.১ বৰ্গ মাইল) |
||
অঞ্চলৰ স্থানাংক | ২৩তম | ||
অধিকতম উচ্চতা | ২,৬৯৫ মিটাৰ (এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ ফুট) | ||
নিম্নতম উচ্চতা | −২.২ মিটাৰ (−৭.২২ ফুট) | ||
জনসংখ্যা (২০১১)[1] | |||
- মুঠ | ৩,৩৩,৮৭,৬৭৭ জন | ||
- স্থান | ১৩ তমতম | ||
- জনঘনত্ব | ৮৫৯.১ প্ৰতি বৰ্গ কি.মি. (২,২২৫.১ প্ৰতি বৰ্গ মাইল) |
||
বিশেষণ | Keralite, Malayali | ||
GSDP (2018–19)[2][3] | |||
- Total | (2018–19) | ||
- Per capita | ₹২,০৪,১০৫ (২,৮৬১.৫৫ ডলাৰ) (2018–19) | ||
ভাষাসমূহ | |||
- চৰকাৰী | মালয়ালম[4] | ||
- অতিৰিক্ত | ইংৰাজী[5] | ||
সময় অঞ্চল | IST (গ্ৰী.মা.স.+05:30) | ||
আই এচ অ’ ৩১৬৬ কোড | IN-KL | ||
যানবাহনৰ নম্বৰ | KL | ||
HDI (2018) | 0.779[6] (High) · 1st | ||
Literacy (2011) | 94%[7] | ||
Sex ratio (2011) | 1084 ♀/1000 ♂[7] | ||
ৱেবছাইট | kerala |