কেমেৰ'ণ দিয়াজ
আমেৰিকান অভিনেত্ৰী আৰু প্ৰাক্তন মডেল / From Wikipedia, the free encyclopedia
কেমেৰ'ণ মিচেল ডিয়াজ(জন্ম ৩০ আগষ্ট,১৯৭২) হ'ল এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু প্ৰাক্তন মডেল। ১৯৯০ৰ দশকত তেওঁ দ্য মাস্ক,মাই বেষ্ট ফ্ৰেইণ্ডছ ৱেডিং আৰু দেয়াৰ্ছ চামথিং এবাউট মেৰী আদি ছবিত অভিনয় কৰি চৰ্চা লাভ কৰে। তেওঁৰ অন্যান্য উল্লেখযোগ্য কৃতিত্ব সমূহ হ'ল দুখন চাৰ্লিজ এঞ্জেলছ ছবিত অভিনয়,শ্ৰেক শৃংখলাত প্ৰিন্সেছ ফিয়োনাৰ চৰিত্ৰত কণ্ঠদান,দ্য হলিডে,দ্য গ্ৰীণ হৰ্ণেট,বেড টিচ্চাৰ আদি। দেয়াৰ্ছ চামথিং এবাউট মেৰী,বিইং জন মালকোভিছ,ভেনিলা স্কাই,গেংছ অৱ নিউয়ৰ্ক আদিত কৰা অভিনয়ৰ বাবে তেওঁ গ'ল্ডেন গ্ল'ব বঁটাৰ বাবে মনোনীত হয়।
ক্ষিপ্ৰ তথ্য কেমেৰ'ণ ডিয়াজ, জন্ম ...
কেমেৰ'ণ ডিয়াজ | |
---|---|
হোৱাট টু এক্সপেক্ট হোৱেন য়ু আৰ এক্সপেক্টিংৰ প্ৰিমিয়াৰত ডিয়াজ,২০১২ | |
জন্ম | কেমেৰ'ণ মিচেল ডিয়াজ আগষ্ট ৩০ , ১৯৭২ (৫১ বছৰ) ছান ডিয়েগ', কেলিফোৰ্ণিয়া, যুক্তৰাষ্ট্ৰ |
পেচা | অভিনেত্ৰী,মডেল |
সক্ৰিয় হৈ থকা সময় | ১৯৮৩–৯৩ (মডেল) ১৯৯৪–বৰ্তমানলৈ (অভিনেত্ৰী) |
বন্ধ কৰক