কেই নিশিকোৰি
এগৰাকী জাপানী টেনিছ খেলুৱৈ / From Wikipedia, the free encyclopedia
কেই নিশিকোৰি (ইংৰাজী: Kei Nishikori) এজন জাপানী পেছাদাৰী টেনিছ খেলুৱৈ। তেওঁৰ জন্ম ২৯ ডিচেম্বৰ ১৯৮৯ চনত। তেওঁ দ্বিতীয় পুৰুষ জাপানী খেলুৱৈ যি একক (জিৰো চাটোৰ পিছত) শীৰ্ষ ৫ তম স্থান লাভ কৰিছে, আৰু অপেন যুগত এনে কৰা তেওঁ একমাত্ৰ খেলুৱৈ। নিশিকোৰিয়ে প্ৰথমবাৰৰ বাবে ২০১৫ চনৰ মাৰ্চ মাহত বিশ্বৰ ৪নং স্থানত তেওঁৰ কেৰিয়াৰৰ উচ্চ একক ৰেংকিঙত উপনীত হৈছিল। তেওঁ বৰ্তমান এছ'চিয়েচন অফ টেনিছ প্ৰফেচনেলছ (এটিপি)ৰ দ্বাৰা বিশ্বৰ ৪৯ নম্বৰ স্থানত আছে।[4]
Nishikori at the 2018 French Open | |
দেশ | জাপান |
---|---|
বাসস্থান | Bradenton, Florida, United States |
জন্ম | ২৯ ডিচেম্বৰ, ১৯৮৯ (৩৪ বছৰ) Matsue, Shimane, Japan |
উচ্চতা | ১.৭৮ মিটাৰ (U=ft}})[1] |
পেচা গ্ৰহণ | 2007 |
হস্তশৈলী | Right-handed (two-handed backhand) |
কেৰিয়াৰৰ মুঠ প্ৰাইজমাণি | US$ 24,409,189[2]
|
আনুষ্ঠানিক ৱেব ছাইট | keinishikori.com |
কেৰিয়াৰৰ অভিলেখ | 420–207 |
কেৰিয়াৰৰ খিতাপ | 12 |
সৰ্ব্বোচ্চ ৰেংকিং | No. 4 (2 March 2015) |
বৰ্তমানৰ ৰেংকিং | No. 57 (14 June 2021)[3] |
অষ্ট্ৰেলিয়ান অ'পেন | QF (2012, 2015, 2016, 2019) |
ফ্ৰেন্স অ'পেন | QF (2015, 2017, 2019) |
উইম্বলডন | QF (2018, 2019) |
ইউ এছ অ’পেন | F (2014) |
আন প্ৰতিযোগিতা | |
এ টি পি ৱৰ্ল্ড টুৰ ফাইনেলচ্ | SF (2014, 2016) |
অলিম্পিক | (2016) |
কেৰিয়াৰৰ অভিলেখ | 25–33 |
কেৰিয়াৰৰ খিতাপ | 0 |
সৰ্ব্বোচ্চ ৰেংকিং | No. 167 (19 March 2012) |
বৰ্তমান ৰেংকিং | No. 815 (14 June 2021) |
ফ্ৰেন্স অ'পেন | 2R (2011) |
উইম্বলডন | 2R (2011) |
কেৰিয়াৰ অভিলেখ | 1–1 |
অষ্ট্ৰেলিয়ান অ'পেন | 2R (2012) |
১০ মে' ২০২১ত শেষবাৰ আপডেট কৰা হৈছে। |
নিশিকোৰিয়ে ১২টা একক খিতাপ জিকিছে আৰু ২০১৪ চনৰ ইউএছ অপেনত ৰানাৰ-আপ হৈছিল,[5] যাৰ ফলত তেওঁ গ্ৰেণ্ড শ্লেম একক ফাইনেলত উপনীত হোৱা এছিয়াৰ দেশক প্ৰতিনিধিত্ব কৰা প্ৰথম পুৰুষ খেলুৱৈ হিচাপে পৰিচিত হৈছিল।[6] তেওঁ এ টি পি ৱৰ্ল্ড টুৰ ফাইনেলছৰ বাবে যোগ্যতা অৰ্জন কৰা এছিয়াৰ প্ৰথমজন ব্যক্তি হিচাপেও পৰিগণিত হয় আৰু ২০১৪ আৰু ২০১৬ চনত ছেমিফাইনেলত উপনীত হয়।[7] ইয়াৰ উপৰিও নিশিকোৰীয়ে ৰাফেল নাদালক পৰাস্ত কৰি ২০১৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰে আৰু জাপানক ৯৬ বছৰত প্ৰথমঅলিম্পিক টেনিছ পদক প্ৰদান কৰে।[8]