কৃত্ৰিম বুদ্ধিমত্তা
যন্ত্ৰ অথবা কম্পিউটাৰৰ দ্বাৰা প্ৰদৰ্শিত আৰু পৰিচালিত বুদ্ধিমত্তা / From Wikipedia, the free encyclopedia
কৃত্ৰিম বুদ্ধিমত্তা (ইংৰাজী: Artificial Intelligence, সংক্ষিপ্ত প্ৰচলিত ৰূপ AI) হৈছে যন্ত্ৰ অথবা কম্পিউটাৰৰ দ্বাৰা প্ৰদৰ্শিত আৰু পৰিচালিত বুদ্ধিমত্তা। মানুহে প্ৰাকৃতিক বুদ্ধিমত্তাৰে কৰিব পৰা কেতবোৰ কাম যেতিয়া ডিজিটেল কম্পিউটাৰ নাইবা কম্পিউটাৰ-নিয়ন্ত্ৰিত যন্ত্ৰমানৱে সম্পন্ন কৰে, তেতিয়া তাকে কৃত্ৰিম বুদ্ধিমত্তা বুলি কোৱা হয়।[1] কৃত্ৰিম বুদ্ধিমত্তা কম্পিউটাৰ বিজ্ঞানৰ এটি বিভাগ,য’ত মানুহৰ বুদ্ধিমত্তা আৰু চিন্তাশক্তিক কম্পিউটাৰৰ দ্বাৰা অনুকৃত কৰাৰ চেষ্টা কৰা হয়। দৈনন্দিন কামত আমি কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰিয়েই আছোঁ। আমাৰ ম'বাইলত থকা ভাৰ্চুয়েল ব্যক্তিগত সহকাৰী যেনে-ভয়চ চাৰ্চ,গুগল এছিছটেণ্ট,ফেচ ডিটেকচন আদিবোৰ হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ উদাহৰণ।[2] জনপ্ৰিয় ই-কমাৰ্ছ ৱেবছাইট এমাজন আৰু বিশ্বৰ প্ৰসিদ্ধ ভিডিঅ' ষ্ট্ৰিমিং ৱেবছাইট নেটফ্লিক্সতো কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যাপক প্ৰয়োগ হয়।[3]
কৃত্ৰিম বুদ্ধিমত্তাক তিনিটা বিশেষ প্ৰণালীত সাধাৰণতে ভাগ কৰিব পাৰি। বিশ্লেষণাত্মক(analytical), মানৱ-অনুপ্ৰেৰিত( human-inspired), আৰু মানৱকৃত কৃত্ৰিম বুদ্ধিমত্তা (humanized artificial intelligence)।[4]১৯৫৬ চনত ডাৰ্থমাউথ কলেজৰ এখন গৱেষণা সন্মিলনত ‘কৃত্ৰিম বুদ্ধিমত্তা’ শব্দটো প্ৰথমবাৰৰ বাবে উচ্চাৰিত হৈছিল। ১৯৫৬ চনত কৃত্ৰিম বুদ্ধিমত্তাক পাঠ্যক্ৰমৰ এক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল। পৰৱৰ্তী সময়ত এই নতুন ধাৰণাটোৱে মিশ্ৰিত সমালোচনাৰ সমুখীন হয়।[5] ১৯৭৪-১৯৮০ লৈকে এই সময়খিনিক ‘কৃত্ৰিম বুদ্ধিমত্তাৰ শীতকাল’ বুলি কোৱা হৈছিল, য’ত এই গৱেষণা স্থবিৰ হৈ পৰিছিল।[2]