কুমেৰু
From Wikipedia, the free encyclopedia
পৃথিবীৰ দক্ষিণ ভাগে অৱস্থিত যি স্থানত পৃথিৱীৰ আহ্নিক গতিৰ অক্ষ ভূপৃষ্ঠকে ছেদ কৰে, সেই স্থান হল পৃথিৱীৰ কুমেৰু বা দক্ষিণ মেৰু বা ভৌগোলিক দক্ষিণ মেৰু। কুমেৰু এন্টাৰ্কটিকা মহাদেশত অৱস্থিত পৃথিৱীৰ দক্ষিণতম বিন্দু। এই স্থান পৃথিৱীৰ উত্তৰ প্ৰান্তত অৱস্থিত সুমেৰুৰ ঠিক বিপৰীতে অবৱস্থিত। পৃথিৱীৰ কুমেৰুত আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থায়ী গৱেষণাগাৰ আমুণ্ডচেন-স্কট কুমেৰু কেন্দ্ৰ অৱস্থিত।