কাজী নজৰুল ইছলাম
From Wikipedia, the free encyclopedia
কাজী নজৰুল ইছলাম (ইংৰাজী: Kazi Nazrul Islam; ২৪ মে' ১৮৯৯ – ২৯ আগষ্ট ১৯৭৬) অগ্ৰণী বঙালী কবি, বিংশ শতাব্দীৰ জনপ্ৰিয় বঙালী কবি, সঙ্গীতজ্ঞ, সংগীতস্ৰষ্টা, দাৰ্শনিক, যিয়ে বঙালী কাব্যত অগ্ৰগামী ভূমিকাৰ লগতে প্ৰগতিশীল প্ৰণোদনাৰ বাবে সৰ্বাধিক পৰিচিত। তেওঁ বঙালী ভাষাৰ অন্যতম সাহিত্যিক, দেশপ্ৰেমী আৰু বাংলাদেশৰ জাতীয় কবি। পশ্চিমবংগ আৰু বাংলাদেশ – দুই বাংলাতে তেওঁৰ কবিতা আৰু গান সমানভাবে সমাদৃত। তেওঁৰ কবিতাত থকা বিদ্ৰোহী দৃষ্টিভঙ্গীৰ কাৰণে তেওঁক 'বিদ্ৰোহী কবি' নামেৰে আখ্যা দিয়া হয়। তেওঁৰ কবিতাৰ মূল বিষয়বস্তু আছিল মানুহৰ ওপৰত মানুহৰ অত্যাচাৰ অৰু সামাজিক অনাচাৰ আৰু শোষণৰ বিৰুদ্ধে প্ৰকাশ্য প্ৰতিবাদ। বিংশ শতাব্দীৰ বঙালী সমাজত কাজী নজৰুল ইছলামৰ মৰ্যাদা আৰু গুৰুত্ব অপৰিসীম। একাধাৰে কবি, সাহিত্যিক, সংগীতজ্ঞ, সাংবাদিক, সম্পাদক, ৰাজনীতিবিদ আৰু সৈনিক হিচাপে অন্যায় আৰু অবিচাৰৰ বিৰুদ্ধে নজৰুল সদায় সোচ্ছাৰ আছিল। তেওঁৰ কবিতা আৰু গানত এই মনোভাবেই প্ৰতিফলিত হৈছে। লেখনিত যিদৰে বিদ্ৰোহী, জীৱনতো সেইদৰে – কামে-কাজেই "বিদ্ৰোহী কবি।" তেওঁৰ জন্ম আৰু মৃত্যু বাৰ্ষিকী বিশেষ মৰ্যাদাৰে উভয় বঙালীতে প্ৰতি বছৰে উদযাপিত হয়।
কাজী নজৰুল ইছলাম | |
---|---|
জন্ম | ২৪ মে', ১৮৯৯[1] চুৰুলিয়া, বেংগল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ৰাজ |
মৃত্যু | ২৯ আগষ্ট, ১৯৭৬ (৭৭ বছৰ) ঢাকা, বাংলাদেশ |
ৰাষ্ট্ৰীয়তা | বাংলাদেশী |
প্ৰভাৱ | ইছলাম; হাফিজ; ৰুমি; শাক্তধৰ্ম; ৰবীন্দ্ৰনাথ ঠাকুৰ |
প্ৰভাৱিত কৰিছে | বাংলাদেশৰ সংস্কৃতি; ভাৰতীয় স্বাধীনতা আন্দোলন; ভাৰতৰ সংস্কৃতি; বৈশ্বিক নাগৰিকত্ব |
ধৰ্ম | ইছলাম |
নজৰুলে এটা দৰিদ্ৰ মুছলিম পৰিয়ালত জন্মগ্ৰহণ কৰে। তেওঁৰ প্ৰাথমিক শিক্ষা আছিল ধৰ্মীয়। স্থানীয় এক মছজিদত মুৱাজ্জিন হিচাপেও কাম কৰিছিল। কৈশোৰত বিভিন্ন থিয়েটাৰ দলৰ লগত কাম কৰোঁতে কৰোঁতে তেওঁ কবিতা, নাটক আৰু সাহিত্য সম্বন্ধে সম্যক জ্ঞান লাভ কৰে। ব্ৰিটিছ শাসনকালত ভাৰতীয় সেনাবাহিনীত কিছুদিন কাম কৰাৰ পাছত তেওঁ সাংবাদিকতাকে পেছা হিচাপে বাচি লয়। এই সময়ত তেওঁ কলকাতাতেই থাকিছিল। এই সময়ত তেওঁ ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে প্ৰত্যক্ষ সংগ্ৰামত অবতীৰ্ণ হয়। প্ৰকাশ কৰে 'বিদ্ৰোহী' আৰু 'ভাঙাৰ গানেৰ' দৰে কবিতা; 'ধূমকেতুৰ' দৰে সাময়িকী। জেলত বন্দী হোৱাৰ পাছত লিখে 'ৰাজবন্দীৰ জবানবন্দী'। এই সকলো সাহিত্যকৰ্মতে সাম্ৰাজ্যবাদৰ বিৰোধিতা সুস্পষ্ট আছিল। ধাৰ্মিক মুছলিম সমাজ আৰু অৱহেলিত ভাৰতীয় জনগণৰ লগত তেওঁৰ বিশেষ সম্পৰ্ক আছিল। তেওঁৰ সাহিত্যকৰ্মত প্ৰাধান্য পাইছে ভালপোৱা, মুক্তি আৰু বিদ্ৰোহে। ধৰ্মীয় লিঙ্গভেদৰ বিৰুদ্ধেও তেওঁ লিখিছিল। চুটিগল্প, উপন্যাস, নাটক লিখিলেও তেওঁ মূলতঃ কবি হিচাপেই বেছি পৰিচিত। বঙালী কাব্যত তেওঁ এক নতুন ধাৰাৰ জন্ম দিয়ে। এইটো হ’ল ইছলামী সঙ্গীত তথা গজল। ইয়াৰ সমান্তৰালভাবেই তেওঁ অনেক উৎকৃষ্ট শ্যামাসংগীত আৰু হিন্দু ভক্তিগীতিও ৰচনা কৰে। নজৰুলে প্ৰায় ৩০০০ গান ৰচনা কৰে আৰু অধিকাংশতে সুৰাৰোপ কৰিছে যিবিলাক এতিয়া নজৰুল সঙ্গীত বা "নজৰুল গীতি" নামেৰে পৰিচিত আৰু বিশেষ জনপ্ৰিয়। মাজবয়সতে তেওঁ পিক্ ডিজিজত[2] আক্ৰান্ত হয়। ইয়াৰ ফলত আমৃত্যু তেওঁ সাহিত্যকৰ্মৰ পৰা বিচ্ছিন্ন হৈ থাকে। একেই সময়তে মানসিক ভাৰসাম্য হেৰুৱায় পেলায়। বাংলাদেশ চৰকাৰৰ আমন্ত্ৰণত ১৯৭২ চনত তেওঁ সপৰিয়ালে ঢাকালৈ আহে। এইসময়ত তেওঁক বাংলাদেশৰ নাগৰিকত্ব প্ৰদান কৰা হয়। ইয়াতেই তেওঁ মৃত্যুবৰণ কৰে।