কল্পকাহিনী
From Wikipedia, the free encyclopedia
কল্পকাহিনী (ইংৰাজী: Fiction) হৈছে যিকোনো সৃষ্টিশীল ৰচনা, প্ৰধানকৈ যিকোনো আখ্যানমূলক ৰচনা, যিয়ে ব্যক্তি, পৰিঘটনা বা স্থানক কাল্পনিক বা ইতিহাস, তথ্য বা যুক্তিযুক্ততাৰ সৈতে অসামঞ্জস্যপূৰ্ণভাৱে চিত্ৰিত কৰে।[1][2][3] সংক্ষিপ্ত অৰ্থত ক'বলৈ গ'লে "কল্পকাহিনী"য়ে গদ্যৰ শৈলীত লিখিত আখ্যানক বুজায়, যি সততে উপন্যাস আৰু চুটিগল্পত সীমাবদ্ধ হৈ থাকে।[4][5] অৱশ্যে অধিক বহলভাৱে ক’বলৈ গ’লে কল্পকাহিনীয়ে যিকোনো মাধ্যমত প্ৰকাশ পোৱা কাল্পনিক আখ্যানক সামৰি লয়, য’ত কেৱল লেখাই নহয়, পোনপটীয়া নাট্য প্ৰদৰ্শন, ছবি, টেলিভিছনৰ অনুষ্ঠান, ৰেডিঅ’ নাটক, কমিকছ, ভূমিকা পালন কৰা গেম, ভিডিঅ’ গেম আদিও অন্তৰ্ভুক্ত।