কলিকতা বিশ্ববিদ্যালয়
From Wikipedia, the free encyclopedia
কলিকতা বিশ্ববিদ্যালয় (ইংৰাজী: University of Calcutta) পশ্চিমবংগৰ ৰাজধানী কলকাতাত অৱস্থিত এখন ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। ১৮৫৭ চনৰ ২৪ জানুৱাৰী তাৰিখে এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল।[3] এইখন এছিয়া মহাদেশৰ অন্যতম প্ৰথম বহুবিভাগীয় পাশ্চাত্যশৈলী বিশ্ববিদ্যালয়।[4] ভাৰতত কলিকতা বিশ্ববিদ্যালয়য়ে 'পঞ্চতাৰকাযুক্ত বিশ্ববিদ্যালয়' আৰু ৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদৰ দ্বাৰা 'এ' গ্ৰেড লাভ কৰিছে। ইয়াৰ লগতে বিশ্ববিদ্যালয় অনুদান আয়োগে এই বিশ্ববিদ্যালয়খনক 'বিশেষ ক্ষেত্ৰত উৎকৃষ্টতাৰ প্ৰতিশ্ৰুতিসম্পন্ন কেন্দ্ৰ' আৰু 'উৎকৃষ্টতাৰ প্ৰতিশ্ৰুতিসম্পন্ন বিশ্ববিদ্যালয়' হিচাপে চিহ্নিত কৰিছে।[5][6]
কলিকতা বিশ্ববিদ্যালয় | |
---|---|
মূলমন্ত্ৰ | Advancement of Learning |
স্থাপিত | ২৪ জানুৱাৰী ১৮৫৭; ১৬৭ বছৰ আগত (1857-01-24) |
ধৰণ | ৰাজহুৱা বিশ্ববিদ্যালয় |
আচাৰ্য | পশ্চিমবংগৰ ৰাজ্যপাল |
উপাচাৰ্য | সোণালী চক্ৰৱৰ্তী বেনাৰ্জী[1] |
শিক্ষাৰ্থী | ২২,৫২০[2] |
স্নাতক শিক্ষাৰ্থী | ৩,৭১৫[2] |
স্নাতকোত্তৰ শিক্ষাৰ্থী | ১৫,৭৫০[2] |
ডক্টৰেট শিক্ষাৰ্থী | ১,৬৩১[2] |
স্থান | কলকাতা, পশ্চিমবংগ, ভাৰত 22°34′35″N 88°21′43″E |
চৌহদ | চহৰীয়া |
ৰং | বগা আকাশী নীলা |
উপনাম | চিইউ |
ভুক্তি | বিশ্ববিদ্যালয় অনুদান আয়োগ, ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ, ভাৰতীয় বিশ্ববিদ্যালয় সংঘ, সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদ |
ৱেবছাইট | www |
বিশ্ববিদ্যালয়খনৰ সৰ্বমুঠ ১৪টা চৌহদ কলকাতা মহানগৰ আৰু ইয়াৰ আশে-পাশে অৱস্থিত। ২০১২ চনলৈ মুঠ ১৩৬খন মহাবিদ্যালয় কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। ভাৰত চৰকাৰৰ মানৱসম্পদ উন্নয়ন মন্ত্ৰণালয়ে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান মূল্যাঙ্কন তালিকাতৰ '২০১৯ চনৰ শ্ৰেষ্ঠ ভাৰতীয় বিশ্ববিদ্যালয়'-ৰ তালিকাত কলিকতা বিশ্ববিদ্যালয়ে পঞ্চম স্থান লাভ কৰিছিল।[7][8]
কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী আৰু অধ্যাপকে ৰাষ্ট্ৰৰ মুৰব্বী, চৰকাৰৰ মুৰব্বী, সমাজ সংস্কাৰক, এগৰাকী অস্কাৰ বঁটা বিজয়ী আৰু দিৰাক পদক বিজয়ী, কেইবাগৰাকী ৰয়েল ছোচাইটিৰ সভ্য, পাঁচ গৰাকী ন'বেল বঁটা বিজয়ী ইত্যাদি ভাৰত তথা বিশ্বৰ আগশাৰীৰ ব্যক্তিত্ব।[9] কলিকত বিশ্ববিদ্যালয় ৰাষ্ট্ৰসংঘৰ একাডেমীক ইমপেক্ট প্ৰকল্পৰ সদস্য।[10]