কনফুচিয়াছ
From Wikipedia, the free encyclopedia
কনফুচিয়াছ (৫৫১–৪৭৯ খ্ৰীষ্টপূৰ্ব) আছিল চীন দেশৰ সবাতোকৈ জনপ্ৰিয় শিক্ষক, দাৰ্শনিক আৰু ৰাজনৈতিক তত্ত্ববিদ। তেওঁৰ শিক্ষাই পূব এছিয়াৰ সভ্যতাক প্ৰভাৱিত কৰিছিল বুলি ভবা হয়।[1] কনফুচিয়াছে প্ৰৱৰ্তন কৰা দৰ্শনক কনফুচিয়াছ ধৰ্ম বুলি জনা যায়। এই মতবাদত ব্যক্তিগত আৰু চৰকাৰী নৈতিকতা, সামাজিক সম্পৰ্কৰ শুদ্ধতা, ন্যায় আৰু আন্তৰিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মানৱ সভ্যতাক প্ৰভাৱিত আৰু বিকশিত কৰা অত্যন্ত গুৰুত্বপূৰ্ণ ব্যক্তিত্বসমূহৰ ভিতৰত কনফুচিয়াছৰ নাম বিশেষভাৱে উল্লেখযোগ্য। তেওঁৰ শিক্ষা আৰু দৰ্শনে সমসাময়িক পৃথিৱীৰ অজস্ৰ মানুহক প্ৰভাৱিত কৰিছিল, যিবোৰ শিক্ষা আজিৰ তাৰিখতো প্ৰয়োজনীয় বুলি বিবেচিত হৈ আছে।[2][3]
ক্ষিপ্ৰ তথ্য সম্পূৰ্ণ নাম, জন্ম ...
শিক্ষণৰত কনফুচিয়াছ. উ ডাউজিৰ প্ৰতিকৃতি, ৬৮৫-৭৫৮, টেং সাম্ৰাজ্য. | |
সম্পূৰ্ণ নাম | কনফুচিয়াছ 孔子 |
---|---|
জন্ম | ৫৫১ খ্ৰীষ্টপূৰ্ব ঝাউ, লু, ঝাউ সাম্ৰাজ্য |
মৃত্যু | ৪৭৯ খ্ৰীষ্টপূৰ্ব (বয়স ৭১–৭২) লু, ঝাউ সাম্ৰাজ্য |
যুগ | প্ৰাচীন দৰ্শন |
অঞ্চল | চীনা দৰ্শন |
ধাৰা | কনফুচিয়াছ ধৰ্ম |
আগ্ৰহ | নৈতিক দৰ্শন, সামাজিক দৰ্শন, নীতিশাস্ত্ৰ |
উল্লেখযোগ্য কৰ্ম | কনফুচিয়াছ ধৰ্ম, সোণালী নিয়ম |
প্ৰভাৱিত হয়
| |
প্ৰভাৱিত কৰে
|
বন্ধ কৰক