এৰিচ
From Wikipedia, the free encyclopedia
এৰিচ (ইংৰাজী: Ares) হৈছে প্ৰাচীন গ্ৰীকসকলে আৰাধনা কৰা যুদ্ধ আৰু সাহসৰ দেৱতা। তেওঁ দ্বাদশ অলিম্পিয়ানৰ অন্যতম তথা জ্যুচ আৰু হীৰাৰ পুত্ৰ।[1] পৌৰাণিক গ্ৰীক সাহিত্যত এৰিচে যুদ্ধৰ হিংসাত্মক, বিভীষিকাময় আৰু বন্য ৰূপটোক প্ৰতিনিধিত্ব কৰে। জ্ঞান আৰু সমৰ কৌশলৰ অধিষ্ঠাত্ৰী তেওঁৰ ভগ্নী এথেনাৰ স্বাভাৱৰ বিপৰীতে এৰিচে প্ৰায়েই ক্ৰুৰতা আৰু ৰক্তপিপাসু স্বভাৱক প্ৰতিফলিত কৰে।[2]
এৰিচ | |
---|---|
সাহস আৰু যুদ্ধৰ দেৱতা | |
দ্বাদশ অলিম্পিয়ান-ৰ সদস্য | |
এৰিচৰ প্ৰতিমূৰ্ত্তি | |
নিবাস | অলিম্পাচ পৰ্বত, থ্ৰেচ, মেচিড'নিয়া, থেবিচ, স্পাৰ্টা, মানি আদি ঠাই |
প্ৰতীকসমুহ | তৰোৱাল, যাঠী, ঢাল, শিৰোস্ত্ৰাণ, ৰথ, জোঁৰ, কুকুৰ, বৰাগাহৰি, শগুণ |
সঙ্গী | এফ্ৰোডাইটি আৰু অন্যান্য |
পিতৃ-মাতৃ | জ্যুচ আৰু হীৰা |
সহোদৰ | এইকাচ, এঞ্জেল'চ, এফ্ৰোডাইটি, এপ'ল', আৰ্টিমিচ, এথেনা, ডাইনিচাছ, হাৰ্মিচ আদি |
সন্তান | এৰ'টিচ, ফ'ব'চ, হাৰ্ম'নিয়া, এমাজ'নসকল আদি |
ৰোমান সমাৰ্থক | মাৰ্চ |
গ্ৰীকসকল এৰিচৰ পক্ষে দ্বৈত ভাবাপন্ন: যদিও যুদ্ধক্ষেত্ৰত সফলতা লাভ কৰিব পৰাকৈ তেওঁৰ শাৰীৰিক সক্ষমতা আছে, তেওঁ এক ভয়ানক প্ৰলয়কাৰী, মানৱ-সংহাৰী শক্তি।[3] তেওঁৰ দুই পুত্ৰ ফ'ব'চ (ভয়) আৰু ডেইম'চৰ (আতংক) লগতে এৰিচৰ প্ৰেমাস্পদ/ভগ্নী এন্য' (কন্দল) ৰথত উঠি এৰিচৰ সৈতে ৰণলৈ আহে।[4] ইলিয়াদত এৰিচৰ পিতৃ জ্যুচে কয় যে দেৱতাৰ ভিতৰত তেওঁ এৰিচকেই আটাইতকৈ ঘৃণা কৰে।[5] এৰিচৰ সংসৰ্গই বন্য, বিপদজনক বা সামৰিক গুণ থকা স্থান বা সামগ্ৰীৰ প্ৰাপ্তি ঘটায়।[6] যুদ্ধৰ দেৱতা হিচাপে তেওঁৰ স্থান সন্দেহজনক। ট্ৰয়ৰ যুদ্ধৰ সময়ত এৰিচ পৰাজিতসকলৰ পক্ষত থকাৰ বিপৰীতে তেওঁৰ ভগ্নী এথেনা বিজয়ধ্বজা ধাৰণ কৰি বিজয়ী গ্ৰীকসকলৰ পক্ষত আছিল।[3]
গ্ৰীক কিংবদন্তিসমূহত এৰিচৰ ভূমিকা সীমিত।[7] যেতিয়াই কোনো আখ্যানত এৰিচৰ আবিৰ্ভাৱ ঘটে তেওঁ কোনো অপমান গ্ৰাহ্য কৰিবলগা হয়।[8] তেওঁক এফ্ৰ'ডাইটিৰ প্ৰেমিক হিচাপে জনা যায় যি কাৰুকলাৰ দেৱতা হেফাষ্টিয়াচৰ সৈতে বিবাহত বহে।[9]
এৰিচৰ সমকক্ষ ৰোমান দেৱতা হৈছে মাৰ্চ।[10]