এহেজাৰ এনিশা (লোকগাথা)
From Wikipedia, the free encyclopedia
এহাজাৰ এনিশা বা আলিফ লেইলা[1] (ইংৰাজী: One Thousand and One Nights) হৈছে ইছলামিক সোণালী যুগত আৰবী ভাষাত সংকলিত মধ্যপ্ৰাচ্যৰ লোককথাৰ সংকলন। ইয়াৰ প্ৰথম ইংৰাজী ভাষাৰ সংস্কৰণৰ পৰা (প্ৰায় ১৭০৬–১৭২১) ইংৰাজীত ইয়াক প্ৰায়ে আৰবীয়ান নাইটছ (ইংৰাজী: Arabian Nights) বুলি জনা যায়।[2]
এই সংকলনখন বহু শতিকাজুৰি সমগ্ৰ পশ্চিম এছিয়া, মধ্য এছিয়া, দক্ষিণ এছিয়া আৰু উত্তৰ আফ্ৰিকাৰ বিভিন্ন লেখক, অনুবাদক আৰু পণ্ডিতে সংগ্ৰহ কৰিছিল। ইয়াৰে কিছুমান কাহিনীৰ মূল প্ৰাচীন আৰু মধ্যযুগীয় আৰবী, মিচৰীয়, সংস্কৃত, পাৰ্চী, আৰু মেছ'পটেমিয়ান সাহিত্যত পোৱা যায়।[3] বহুতো সাধু মূলতঃ আব্বাছি আৰু মামলুক যুগৰ লোককথা আছিল। আনহাতে আন কিছুমান সাধু, বিশেষকৈ মূল কাহিনীটো সম্ভৱতঃ পৰৱৰ্তী কালত আংশিকভাৱে ভাৰতীয় উপাদানৰ ওপৰত নিৰ্ভৰশীল পাহলৱী পাৰ্চী গ্ৰন্থ হেজাৰ আফছানৰ (ফাৰ্চী: هزار افسان) পৰা লোৱা হৈছে।[4]
এহেজাৰ এনিশাৰ সকলোবোৰ সংস্কৰণৰে উমৈহতীয়া উপাদান হৈছে শাসক শ্বাহৰিয়াৰক তেওঁৰ পত্নী শ্বেহেৰাজাদেই প্ৰতিটো নিশা এটাকৈ এই সাধুসমূহ কোৱাৰ কাহিনী। সাধুবোৰ এই মৌলিক কাহিনীটোৰ পৰাই আগবাঢ়িছে। কিছুমান আন কাহিনীৰ ভিতৰত উপস্থাপন কৰা হৈছে। ইয়াৰ বিপৰীতে কিছুমান সাধু স্বয়ংসম্পূৰ্ণ। কিছুমান সংস্কৰণত মাত্ৰ কেইশমান সাধুহে আছে। আনহাতে আন কিছুমানত ১,০০১ বা তাতকৈ অধিক সাধু আছে। সংকলনখনৰ মূল অংশ গদ্য যদিও মাজে মাজে গীত আৰু সাঁথৰৰ লগতে উচ্চ আৱেগ প্ৰকাশৰ বাবে পদ্যৰ ব্যৱহাৰ কৰা হয়। বেছিভাগ কবিতা একক দুশৰীয়া বা চাৰিশৰীয়া যদিও কিছুমান দীঘলীয়া পদ্যও আছে।
এহেজাৰ এনিশাৰ সৈতে সাধাৰণতে জড়িত কিছুমান সাধু —বিশেষকৈ 'আলাদিনৰ আচৰিত চাকি' আৰু 'আলি বাবা আৰু চল্লিশটা চোৰ'— ইয়াৰ মূল আৰবী সংস্কৰণত সংকলনটোৰ অংশ নাছিল যদিও সংকলনটোৰ প্ৰথমগৰাকী ইউৰোপীয়ান অনুবাদক এণ্টোৱাইন গালেণ্ডে পেৰিছ ভ্ৰমণৰ সময়ত খ্ৰীষ্টান গল্পকাৰ হান্না ডায়াবৰ পৰা সাধুকেইটা শুনাৰ পিছত এইকেইটা সংকলনটোত সংযোজন কৰিছিল।[5][6][7] সংকলনত সংযোজন হোৱাৰ আগতে আন কিছুমান সাধু যেনে ছিন্দবাদৰ সপ্ত যাত্ৰা আদিৰ একো একোটা স্বতন্ত্ৰ অস্তিত্ব আছিল।