এবাকাছ
পাটিগাণিতিক গণনা সম্পাদনৰ এটা প্ৰাচীন যন্ত্ৰ / From Wikipedia, the free encyclopedia
এবাকাছ (ইংৰাজী: Abacus) বা গাণনিক বাকচ হ'ল পাটিগাণিতিক গণনা সম্পাদনৰ এটা প্ৰাচীন যন্ত্ৰ। ইয়াত এটি কাঠৰ ফ্ৰেমত কিছুমান তাৰ লগোৱা থাকে। তাৰত লগাই ৰখা গুটি উপৰলৈ তললৈ দি গণনা কৰা হয়। ফ্ৰেমত গুটি সমূহ শৃংখলাৰে লগোৱা থাকে গুটি সমূহৰ মাজত এডাল দণ্ড থাকে যি গুটিসমূহক দুইভাগত ভাগ কৰে।
প্ৰতিডাল তাৰে দশমিক ব্যৱস্থাৰ এটা ঘৰক নিৰ্দেশ কৰে। সোঁহাতৰ প্ৰথম তাৰ ডাল হ'ল এককৰ ঘৰ। তাৰ কাষৰডাল হ'ল দশকৰ ঘৰ, ইত্যাদি। প্ৰতিডাল তাৰ তল ফালে পাঁচটা গুটি থাকে, যি এক একক নিৰ্দেশ কৰে। মধ্য দণ্ডৰ ওপৰ ফালে দুটাকৈ গুটি থাকে, যিসমূহৰ প্ৰতিটোৱে পাঁচ একক নিৰ্দেশ কৰে। উদাহৰণস্বৰূপে, দহঁতৰ ঘৰৰ তলৰ পাঁচটি গুটিৰ প্ৰতিটোৱে ১০ নিৰ্দেশ কৰে আৰু ওপৰৰ দুটা গুটিৰ প্ৰতিটোৱে ৫০ নিৰ্দেশ কৰে। সংখ্যাৰ মান অনুসৰি এই গুটি সমূহক ওপৰ তল কৰি সাংকেতিক ভাৱে সংখ্যা নিৰ্দেশ কৰিব পাৰি।