![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/b/be/Aprilsnar_2001.png/640px-Aprilsnar_2001.png&w=640&q=50)
এপ্ৰিল ফুল দিৱস
১ এপ্ৰিলৰ বাৰ্ষিক উদযাপন / From Wikipedia, the free encyclopedia
এপ্ৰিল ফুল দিৱস বহু দেশত ১ এপ্ৰিলৰ দিনা পালন কৰা হয়। সকলো মুৰ্খৰ দিন (All Fools' Day) বুলিও অভিহিত কৰা এই দিনটো ৰাষ্ট্ৰীয় বন্ধৰ দিন নহয়। এই দিনটোত মানুহবোৰে উৰাবাতৰি প্ৰচাৰ কৰি আৰু নিৰ্দোষ ধেমালিৰে ইজনে সিজনক মুৰ্খ সজাৰ প্ৰয়াস কৰে।
এপ্ৰিল ফুল দিৱস | |
---|---|
![]() নতুন মেট্ৰ' ব্যৱস্থাক লৈ ২০০১ চনত ডেনমাৰ্কৰ ক'পেনহেগেনত এটা "এপ্ৰিল ফুল" উৰাবাতৰি | |
অন্য নাম | সকলো মুৰ্খৰ দিন |
প্ৰকাৰ | সাংস্কৃতিক, পশ্চিমীয়া |
মহত্ব | নিৰ্দোষ ধেমালি |
তাৰিখ | ১ এপ্ৰিল |
আচাৰ | হাস্যৰস |
ইটালী, ফ্ৰান্স আৰু বেলজিয়ামত শিশু আৰু বয়স্কসকলে পৰম্পৰাগতভাৱে ইজনে সিজনৰ পিঠিত কাগজৰ ফুল লগাই দিয়ে আৰু স্থানীয় ভাষাত "এপ্ৰিল মাছ!" বুলি চিঞৰে (pesce d'aprile!, poisson d'avril! আৰু aprilvis! ক্ৰমে ইটালীয়ান, ফ্ৰেঞ্চ আৰু ডাট্চ ভাষাত)। তেনেকুৱা মাছৰ প্ৰতিচ্ছবি ১৯শ শতিকাৰ শেষৰফালৰ আৰু ২০শ শতিকাৰ প্ৰথমভাগৰ বহু ফ্ৰেঞ্চ এপ্ৰিল ফুল দিৱস প'ষ্টকাৰ্ডত ছপা হৈছিল।
১ এপ্ৰিল আৰু মুৰ্খতাক সংযোগ কৰা প্ৰথম উদাহৰণ পোৱা যায় জিয়'ফ্ৰী চ'চাৰৰ কেণ্টাৰবাৰী টে'ল্ছত (১৯৩২)। বহু লেখকে বিশ্বাস কৰে যে পোপ গ্ৰেগৰী XIIIৰ দ্বাৰা ১৬ শ শতিকাত ১ জানুৱাৰীক গ্ৰেগৰিয়ান কেলেণ্ডাৰমতে নৱবৰ্ষৰ দিনৰূপে প্ৰতিষ্ঠা কৰা হোৱা বাবেই এই উৎসৱটোৰ সৃষ্টি হ'ল।[1]