এনিগ্মা যন্ত্ৰ
From Wikipedia, the free encyclopedia
এনিগ্মা যন্ত্ৰ (ইংৰাজী: Enigma machine) হৈছে এক বিশেষ সংকেতসূচক যন্ত্ৰ যিটো কুৰি শতিকাৰ প্ৰথমৰ পৰা মাজভাগলৈ ব্যৱহৃত কৰা হৈছিল। এনিগ্মা যন্ত্ৰৰ সহায়ত বাণিজ্যিক, ৰণনীতিক আৰু সামৰিক যোগাযোগ সুৰক্ষিত ভাৱে কৰা হৈছিল। ইয়াক ২য় বিশ্বযুদ্ধৰ সময়ত নাজী জাৰ্মানী দ্বাৰা জাৰ্মান সামৰিক বাহিনীৰ সকলো শাখাত প্ৰচুৰভাৱে ব্যৱহাৰ কৰা হৈছিল। জাৰ্মানীৰ এজন অভিযন্তা আৰ্থাৰ স্কিৰবিয়াছে প্ৰথম বিশ্বযুদ্ধৰ শেষৰফালে এনিগ্মা যন্ত্ৰটো সাজি উলিয়াইছিল।[1] ই মূলতঃ আছিল এক বিদ্যুৎ-চুম্বকীয় ঘূৰ্ণক যন্ত্ৰ। এটা এনিগ্মা যন্ত্ৰত বাৰ্তা এটাক কোটি কোটি উপায়েৰে সংকেতলৈ পৰিৱৰ্তন কৰিব পাৰি, যিয়ে বিপক্ষৰ বাবে সংকেতৰ অৰ্থ বুজি পোৱাটো অবিশ্বাস্যভাৱে কঠিন কৰি পেলায়।[2]