এডেল
এগৰাকী ইংৰাজ গায়িকা, গীতিকাৰ আৰু বাদ্যযন্ত্ৰী / From Wikipedia, the free encyclopedia
এডেল ল’ৰি ব্লু এডকিন্স (ইংৰাজী: Adele Laurie Blue Adkins)[2] এগৰাকী ইংৰাজ গায়িকা, গীতিকাৰ আৰু বাদ্যযন্ত্ৰী। ১৯৮৮ চনৰ ৫ মে’ত উত্তৰ ইংলেণ্ডৰ টটেনহামত এডেলৰ জন্ম হয়। তেওঁৰ পিতৃ মাৰ্ক ইভান্স আৰু মাতৃ পেন্নী এডকিন্স। ২০০৬ চনত এক বন্ধুৱে “মাইস্পেচ”ত এডেলৰ সংগীতৰ এক নমুনা প্ৰকাশ কৰি দিয়াত এক্সএল ৰেকৰ্ডিংছে এডেলৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰে। ইয়াৰ পিছৰ বছৰত তেওঁ সমালোচকৰ পছন্দৰ ব্ৰিট বঁটা আৰু বিবিছিৰ “ছাউণ্ড অৱ ২০০৮” বঁটা লাভ কৰে। ১৯ বছৰ বয়সত ২০০৮ চনত তেওঁৰ প্ৰথম এলবাম “১৯”এ মুক্তি লাভ কৰে আৰু ই বহুলভাৱে সমাদৃত হয়।[3][4] ২০০৮ চনত “ছেটাৰডে নাইট লাইভ”ৰ এটি খণ্ডত আবিৰ্ভাৱ হোৱাৰে পৰা আমেৰিকা যুক্তৰাষ্ট্ৰতো এডেলৰ সংগীতে ঊৰ্ধমুখী গতি লাভ কৰে। ২০০৯ চনৰ ৫১তম গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠানত এডেলে শ্ৰেষ্ঠ নতুন শিল্পী আৰু শ্ৰেষ্ঠ পপ গায়কীৰ গ্ৰেমী বঁটা লাভ কৰে।[5][6]
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
এডেল | |
---|---|
২০১৬ চনৰ এক সংগীতানুষ্ঠানত এডেল | |
প্ৰাথমিক তথ্য | |
জন্মৰ নাম | এডেল ল’ৰি ব্লু এডকিন্স |
জন্ম | ৫ মে', ১৯৮৮ (৩৬ বছৰ) টটেনহাম, উত্তৰ ইংলেণ্ড, ইংলেণ্ড, য়ুকে |
সংগীতৰ প্ৰকাৰ | ছ’উল,আৰ এণ্ড বি,পপ[1] |
পেচা | গায়িকা-গীতিকাৰ, সংগীতকাৰ, সুৰকাৰ |
কাৰ্যকাল | ২০০৬–বৰ্তমানলৈ |
ৰেকৰ্ড লেবেল | এক্সএল, কলম্বিয়া |
ৱেবছাইট | adele |
২০১১ চনৰ প্ৰথমভাগত ২১ বছৰীয়া এডেলে তেওঁৰ দ্বিতীয় এলবাম “২১” মুকলি কৰে।[7].[8] ই আগৰ এলবাম টোতকৈও ব্যৱসায়িক ভাৱে সফল হয় আৰু সমালোচকৰ প্ৰশংসা লাভ কৰে।[9] ইয়াৰবাবে এডেলে ২০১২ চনৰ ৫৪তম গ্ৰেমী বঁটা প্ৰদানত বছৰটোৰ এলবাম আদিকে ধৰি ৬টা শাখাত বঁটা লাভ কৰে। ইয়াৰ দ্বাৰা তেওঁ এটা ৰাতিত সৰ্বাধিক সংখ্যক গ্ৰেমীবঁটা লাভ কৰা মহিলাৰ বিয়ন্সেৰ অভিলেখ স্পৰ্শ কৰে।[10][11]
এই এলবামটিয়ে এডেললৈ ব্ৰিট বঁটা, আমেৰিকান মিউজিক বঁটা আদিকেধৰি অসংখ্য বঁটা-বাহন কঢ়িয়াই আনে।[3] আমেৰিকাত ই ১৯৮৫ চনৰ পিছৰে পৰা আটাইতকৈ বেছি সময় ধৰি শীৰ্ষস্থান দখল কৰা এলবাম হিচাপে পৰিগণিত হয়।[12][13][14] আইএফপিআইৰ মতে বিশ্বজুৰি এই এলবামটিৰ প্ৰায় ২৬ মিলিয়ন বিক্ৰী হয়।[15]
২১ৰ সফলতাই গীণিজ বিশ্ব ৰেকৰ্ডৰ বহুকেইটা অভিলেখত এডেলৰ নাম খোদিত কৰে। য়ুকেত এটা এলবামৰ ৩ মিলিয়নতকৈও অধিক বিক্ৰী হোৱা এডেলেই প্ৰথম শিল্পী।[16] “21”এলবামৰ ৰ’লিং ইন দ্য দীপ, চামৱান লাইক য়ু আৰু ছেট ফায়াৰ টু দ্য ৰেইনে বিলব’ৰ্ড হট ১০০ৰ প্ৰথম স্থান দখল কৰাৰ পিছত এডেল ইতিহাসৰ প্ৰথম শিল্পী হয় যাৰ এলবামটিয়েও বিলব’ৰ্ড২০০ৰ প্ৰথম স্থান দখল কৰিছে আৰু ইয়াৰ তিনিটি গীতে বিলব’ৰ্ড হট ১০০ৰ প্ৰথম স্থান দখল কৰিছে।[17] বিলব’ৰ্ড হট ১০০ত একেসময়তে তিনিটা গীতে প্ৰথম দহটাৰ ভিতৰত স্থান লাভ কৰা আৰু বিলব’ৰ্ড ২০০ত একেসময়তে দুটা এলবামে প্ৰথম দহটাৰ ভিতৰত স্থান লাভ কৰা এডেলেই প্ৰথম মহিলা শিল্পী।[18] “২১”এই কোনো মহিলা শিল্পীৰ দ্বাৰা য়ুএছ আৰু য়ুকেৰ তালিকা সমূহত আটাইতকৈ বেছি সময় ধৰি শীৰ্ষ স্থান দখল কৰি থকা এলবাম।[19][20] ২০১১ আৰু ২০১২ত বিলব’ৰ্ড আলোচনীয়ে এডেলক বছৰটোৰ শিল্পী আখ্যা দিয়ে।[21][22] ২০১২ত “ভিএচওৱান”ৰ সংগীত জগতৰ ১০০ গৰাকী শ্ৰেষ্ঠ মহিলাৰ ভিতৰত পঞ্চমস্থান লাভ কৰে। .[23] আৰু টাইম আলোচনীয়ে তেওঁক পৃথিৱীৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তি সমূহৰ তালিকাত স্থান দিয়ে।[24][25] ২০১৩ চনত জেমছ বণ্ড শৃংখলাৰ ত্ৰয়োবিংশতিতম ছবি “স্কাইফল”ৰ “স্কাইফল” গীতটিৰ বাবে তেওঁ শ্ৰেষ্ঠ সংগীতৰ অস্কাৰ বঁটা আৰু গোল্ডেন গ্লোব বঁটা লাভ কৰে।[26] বিভিন্ন দান-বৰঙনিমূলক সংস্থাৰলগত ওতপ্ৰোত ভাৱে জড়িত এডেলে ১৯ অক্টোবৰ,২০১২ত সংগী ছাইমন কনেকিৰ লগত এক সন্তানৰ মাতৃ হয়। [27][28][29][30]