এছ এছ ৰাজামৌলী
ভাৰতীয় চলচ্চিত্ৰ পৰিচালক / From Wikipedia, the free encyclopedia
কোদুৰী শ্ৰীশৈলা শ্ৰী ৰাজামৌলী (ইংৰাজী: S. S. Rajamouli) জন্ম: ১০ অক্টোবৰ, ১৯৭৩),[3] তেলেগু চলচ্চিত্ৰৰ লগত জড়িত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ।[4] তেওঁক পেছাদাৰীভাৱে এছ এছ ৰাজামৌলী নামেৰে জনা যায়। তেওঁ উচ্চ কাল্পনিক কামৰ বাবে অধিক জনাজাত। তাৰোপৰি, আমেৰিকান ফেণ্টাষ্টিক ফেষ্টত প্ৰদৰ্শিত মাগাধীৰা (২০০৯) -ৰ দৰে পিৰিয়ড চলচ্চিত্ৰৰ বাবে; তেওঁৰ ইগা (২০১২) চলচ্চিত্ৰই টৰণ্ট’ আফটাৰ ডাৰ্ক ফিল্ম ফেষ্টিভেলত Most Original Film বঁটা লাভ কৰে; বাহুবলী: দ্য বিগিনিং (২০১৫) আমেৰিকান চেটাৰ্ণ এৱাৰ্ড ফোৰ বেষ্ট ফেণ্টাচী ফিল্মলৈ মনোনীত হয়; বাহুবলী ২: দ্য কনক্লুজন (২০১৭) চলচ্চিত্ৰই আমেৰিকান চেটাৰ্ণ এৱাৰ্ড ফোৰ বেষ্ট ফেণ্টাচী ফিল্ম আৰু অষ্ট্ৰেলিয়ান টেলষ্ট্ৰা পিপলচ চইছ এৱাৰ্ড লাভ কৰে।[5][6][7] বাহুবলী ফ্ৰেঞ্চাইজি মুঠ প্ৰায় ₹২,৫০০ কোটি (৩৫০.৫ মিলিয়ন ডলাৰ) লাভ কৰি সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় চলচ্চিত্ৰ শৃংখলা হিচাপে পৰিগণিত হয়।[8][9][10][11]
এই প্ৰবন্ধটো কদুৰী শ্ৰীছাইলা শ্ৰী ৰাজামৌলী নামৰ প্ৰবন্ধৰ লগত একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) |
এছ এছ ৰাজামৌলী | |
---|---|
২০১৫ চনত এছ এছ ৰাজামৌলী | |
জন্ম | কোদুৰী শ্ৰীশৈলা শ্ৰী ৰাজামৌলী ১০ অক্টোবৰ, ১৯৭৩ (৫০ বছৰ) মানবি, মহীশূৰ ৰাজ্য, India |
অন্য নাম | জাক্কান্না (Jakkanna)[1] |
পেচা |
|
জনা যায় | তেলেগু চলচ্চিত্ৰ |
দাম্পত্যসঙ্গী | ৰমা ৰাজামৌলী (বি. ২০০১) |
পিতৃ-মাতৃ | কে ভি বিজয়েন্দ্ৰ প্ৰসাদ (পিতৃ) |
সন্তান | ২ |
আত্মীয়-স্বজন | এম এম কীৰাবাণী (কাজিন) কল্যাণী মালিক (কাজিন) এম এম শ্ৰীলেখা (কাজিন) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী (২০১৬)[2] |