এইচ.আই.ভি.
From Wikipedia, the free encyclopedia
এইচ.আই.ভি. (HIV) (ইংৰাজী: Human immunodeficiency viruses, অৰ্থ: মানৱ প্ৰতিৰোধহীনতাৰ ভাইৰাছ) হৈছে লেণ্টিভাইৰাছ (ৰেট্ৰ’ভাইৰাছৰ এটা উপগোট)ৰ দুটা প্ৰজাতি যিয়ে মানুহক সংক্ৰমিত কৰে। সময়ৰ লগে লগে ইহঁতে এইডছ (Acquired ImmunoDeficiency Syndrome) সৃষ্টি কৰে।[1] ই এনে এক অৱস্থা য'ত ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ক্ৰমান্বয়ে বিকল হৈ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা সংক্ৰমণ আৰু কেন্সাৰ বৃদ্ধি পায়।[2] চিকিৎসা অবিহনে এইচ.আই.ভি.ৰ উপপ্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি এইচ.আই.ভি. সংক্ৰমিত ৰোগীৰ গড় আয়ুস ৯ৰ পৰা ১১ বছৰ বুলি অনুমান কৰা হয়।[3]