উপজনন
From Wikipedia, the free encyclopedia
উপজনন (ইংৰাজী: Childbirth) হৈছে গৰ্ভাৱস্থাৰ অন্তিম পৰ্যায় য'ত এক বা একাধিক সন্তান যোনিৰ মাজেদি অথবা চিজাৰিয়ান ছেক্সনৰ যোগেদি জৰায়ু ত্যাগ কৰে।[6] ২০১৫ চনত গোটেই বিশ্বজুৰি প্ৰায় ১৩৫ মিলিয়ন সন্তানৰ জন্ম হৈছিল।[7] ইয়াৰ ভিতৰত প্ৰায় ১৫ মিলিয়ন সন্তান গৰ্ভধাৰণৰ ৩৭ সপ্তাহ নহওঁতেই জন্ম হৈছিল[8] আৰু ৩ ৰ পৰা ১২% সন্তানৰ জন্ম হৈছিল গৰ্ভধাৰণৰ ৪২ সপ্তাহ পাছত।[9] উন্নত দেশসমূহত বেছিভাগ উপজনন হাস্পতালত হয়।[10][11] আনহাতে উন্নয়নশীল দেশসমূহত বেছিভাগ উপজনন ঘৰতেই হয়। ঘৰত হোৱা উপজননৰ ক্ষেত্ৰত পৰম্পৰাগত জন্ম পৰিচাৰিকাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।[12]
উপজনন | |
---|---|
অন্য নাম | সন্তান প্ৰসৱ, জন্মদান, বিয়ন[1] |
মাতৃ আৰু ভাৰ্ণিক্সেৰে আৱৰি থকা নৱজাত শিশু। | |
বিভাগ | প্ৰসূতিবিদ্যা, ধাত্ৰীবিদ্যা |
জটিলতা | সন্তান প্ৰসৱত প্ৰতিবন্ধকতা, প্ৰসৱোত্তৰ ৰক্তক্ষৰণ, এক্লাম্পছিয়া, প্ৰসৱোত্তৰ সংক্ৰমণ, পেৰিনেটাল এছফিক্সিয়া, নিঅ'নেটাল হাইপ'থাৰ্মিয়া[2][3][4] |
প্ৰকাৰ | যোনিয় প্ৰসৱ, চি-ছেক্সন[5][6] |
কাৰণ | গৰ্ভধাৰণ |
প্ৰতিৰোধ | জন্ম নিয়ন্ত্ৰণ, ঐচ্ছিক গৰ্ভপাত |
পুনৰাবৃত্তি | ১৩৫ মিলিয়ন (২০১৫)[7] |
মৃত্যু | ৫,০০,০০০ (এবছৰত প্ৰসূতিৰ মৃত্যু)[4] |
উপজননৰ আটাইতকৈ বেছি প্ৰচলিত উপায় হৈছে যোনিয় প্ৰসৱ।[5] যোনিয় প্ৰসৱ তিনিটা পৰ্যায়ত সম্পন্ন হয়। প্ৰথম পৰ্যায়ত চাৰ্ভিকেল এফেচমেণ্ট আৰু চাৰ্ভিকেল ডাইলেশ্যন, দ্বিতীয় পৰ্যায়ত সন্তানৰ জন্ম আৰু তৃতীয় পৰ্যায়ত জননফুলৰ প্ৰসৱ।[13][14] পেট আৰু পিঠিৰ বিষেৰে প্ৰথম পৰ্যায়টো আৰম্ভ হয়। ১০–৩০ মিনিটৰ মূৰে মূৰে হোৱা এই বিষ প্ৰায় আধা মিনিটমান সময়লৈহে থাকে।[13] অৱশ্যে সময়ৰ লগে লগে বিষটো শক্তিশালী হৈ পৰে।[14] সন্তানে জৰায়ু ত্যাগ কৰাৰ লগে লগে দ্বিতীয় পৰ্যায়ৰ সমাপ্তি ঘটে আৰু জননফুলৰ প্ৰসৱৰ লগে লগে তৃতীয় পৰ্যায়টোৰো সমাপ্তি ঘটে।[15] ২০১৪ চনৰ হিচাপত সকলো মুখ্য স্বাস্থ্য সংস্থাই দিয়া পৰামৰ্শ অনুসৰি যোনিয় প্ৰসৱৰ পাছতে অথবা চিজাৰিয়ান ছেক্সনৰ পিছত মাতৃয়ে সতৰ্ক হোৱা আৰু সহাঁৰি জনোৱাৰ লগে লগে নৱজাত শিশুটিক মাকৰ কোলাত দিব লাগে। বাকী নিয়মীয়া প্ৰক্ৰিয়াখিনি একৰ পৰা দুঘণ্টামান সময়লৈ বা শিশুটিৱে প্ৰথম দুগ্ধপান নকৰা পৰ্যন্ত সময় পলম কৰোৱা হয়।[16][17][18]
বেছিভাগ উপজননত শিশুৰ মূৰটো প্ৰথমে বাহিৰ হয় যদিও ৪% শিশুৰ ভৰি অথবা নিতম্ব প্ৰথমে বাহিৰ হয়। ইয়াক ব্ৰীচ জন্ম বুলি কোৱা হয়।[14][19] সাধাৰণতে মূৰটো এফালে মুখ কৰি শ্ৰোণিত প্ৰৱেশ কৰে, আৰু তাৰ পিছত তললৈ মুখ কৰিবলৈ মূৰটো ঘূৰে।[20] গৰ্ভাৱস্থাত সন্তান প্ৰসৱ কৰিবলগীয়া মহিলাই সাধাৰণতে তেওঁলোকে বিচৰা ধৰণেই খোৱা-লোৱা আৰু চলা-ফুৰা কৰিব পাৰে।[21] বিষৰ পৰা পৰিত্ৰাণ পাবলৈ ৰিলাক্সেছন কৌশল, অ'পিয়ইড আৰু স্পাইনেল ব্লক আদি পদ্ধতি সহায়কাৰী হয়।[14] সন্তান প্ৰসৱ কৰোঁতে সচৰাচৰ যোনিৰ দ্বাৰত এক ছেদন কৰা হয় যাক এপিজিঅ'টমি বুলি কোৱা হয়। সাধাৰণতে এই ছেদনৰ প্ৰয়োজন নহয়।[14] ২০১২ চনত প্ৰায় ২৩ মিলিয়ন উপজনন চিজাৰিয়ান ছেক্সনৰ দ্বাৰা হৈছিল।[22][14]
প্ৰতি বছৰে গৰ্ভধাৰণ আৰু উপজননৰ জটিলতাৰ ফলত প্ৰায় ৫ লাখ শিশুৰ জন্মতে মৃত্যু হয়, ৭০ লাখ মহিলাই গুৰুতৰ দীৰ্ঘদিনীয়া সমস্যাত ভোগে আৰু ৫ কৌটি মহিলাই সন্তান প্ৰসৱ কৰাৰ পাছতেই স্বাস্থ্যৰ নেতিবাচক ফলাফল লাভ কৰে।[4] এইবোৰৰ বেছিভাগেই উন্নয়নশীল দেশসমূহত ঘটে।[4] নিৰ্দিষ্ট জটিলতাবোৰৰ ভিতৰত আছে বাধাপ্ৰাপ্ত প্ৰসৱ, প্ৰসৱোত্তৰ ৰক্তক্ষৰণ, এক্লাম্পছিয়া আৰু প্ৰসৱোত্তৰ সংক্ৰমণ।[4] শিশুৰ ক্ষেত্ৰত জন্মৰ সময়ত অক্সিজেনৰ অভাৱ, জন্মগত আঘাত, প্ৰাকপৰিপক্কতা, সংক্ৰমণ আদি জটিলতাই দেখা দিব পাৰে।[3][23]