উদ্বেগজনক বিকাৰ
From Wikipedia, the free encyclopedia
উদ্বেগজনক বিকাৰ (ইংৰাজী: Anxiety disorder)[8] হৈছে মানসিক বিকাৰৰ এটা গোট যাৰ বৈশিষ্ট্য হৈছে উদ্বেগ আৰু ভয়ৰ উল্লেখযোগ্য অনুভূতি।[9] উদ্বেগ হৈছে জৱিষ্যতৰ পৰিঘটনাৰ চিন্তা, আনহাতে ভয় হৈছে সাম্প্ৰতিক পৰিঘটনাৰ প্ৰতিক্ৰিয়া। এই অনুভূতিৰ ফলত হৃদস্পন্দন বৃদ্ধি আৰু কম্পনৰ দৰে শাৰীৰিক লক্ষণ আদিয়ে দেখা দিব পাৰে।[9][10]সাধাৰণ উদ্বেগ বিকাৰ, নিৰ্দিষ্ট ভয়, পৃথককৰণৰ উদ্বেগ, এগোৰাফ'বিয়া, আতংক, আৰু নিৰ্বাচিত মিউটিজম আদি কেইবাটাও উদ্বেগজনক বিকাৰ আছে।[9] এইসমূহৰ লক্ষণসমূহত বিকাৰৰ পাৰ্থক্য থাকে। এজন ব্যক্তিৰ এটাতকৈ অধিক উদ্বেগজনক বিকাৰ হ'ব পাৰে।[9]
উদ্বেগমূলক বিকাৰ | |
---|---|
দ্য স্ক্ৰিম (নৰ্ৱেজিয়ান: স্ক্ৰিক) নৰৱেৰ শিল্পী এডভাৰ্ড মুঞ্চৰ এখন ছবি।[1] | |
বিভাগ | মনোৰোগ চিকিৎসা, ক্লিনিকেল চাইক’লজি |
লক্ষণ | চিন্তিত হোৱা, দ্ৰুত হৃদস্পন্দন, শাৰীৰিক কম্পন[2] |
জটিলতা | মেজৰ ডিপ্ৰেছিভ ডিছঅৰ্ডাৰ, টোপনিৰ অসুবিধা, নিম্ন মানৰ জীৱন শৈলী, আত্মহত্যা।[3] |
আৰম্ভণি | ১৫–৩৫ বছৰীয়া[4] |
স্থায়িত্ব | > ৬ মাহ[2][4] |
কাৰণ | জিনীয় আৰু পৰিৱেশগত কাৰক[5] |
আশংকাৰ কাৰণ | শিশু নিৰ্যাতন, পাৰিবাৰিক ইতিহাস, দৰিদ্ৰতা[4] |
ৰোগ নিৰূপণ | Psychological assessment |
একেধৰণৰ ৰোগ | হাইপাৰথাইৰয়ডিজম; হৃদৰোগ, কেফেইন, মদ, বা ভাঙৰ ব্যৱহাৰ। ইয়াৰোপৰি কিছুমান পূৰ্বে ব্যৱহৃত ঔষধৰ পৰা আঁতৰি থকা[4][6] |
চিকিৎসা | জীৱনশৈলীৰ পৰিৱৰ্তন, চাইকোথেৰাপি, ঔষধৰ ব্যৱহাৰ[4] |
ঔষধ | Antidepressants, anxiolytics, beta blockers[5] |
পুনৰাবৃত্তি | প্ৰতি বছৰত ১২%[4][7] |
উদ্বেগজনক বিকাৰৰ কাৰণ জিনীয় আৰু পৰিৱেশগত কাৰকৰ সমন্বয় বুলি ভবা হয়। বিপদজনক কাৰকসমূহৰ ভিতৰত শিশু নিৰ্যাতনৰ ইতিহাস, পাৰিবাৰিক মানসিক বিকাৰৰ ইতিহাস আৰু দৰিদ্ৰতা আদি অন্তৰ্ভুক্ত। উদ্বেগজনিত বিকাৰ প্ৰায়ে অন্যান্য মানসিক বিকাৰৰ সৈতে দেখা দিয়ে, বিশেষকৈ মেজৰ ডিপ্ৰেছিভ ডিছঅৰ্ডাৰ, ব্যক্তিত্বৰ বিকাৰ আৰু দ্ৰব্য ব্যৱহাৰৰ বিকাৰ।[9] ৰোগ নিৰ্ণয় কৰিবলৈ লক্ষণসমূহ সাধাৰণতে মানুহৰ গাত কমেও ৬ মাহে সক্ৰিয় হ'ব লাগে। এনে লক্ষণ সমূহ পৰিস্থিতিৰ বাবে আশা কৰিব পৰাতকৈয়ো অধিক হ'ব লাগে আৰু ই ব্যক্তিৰ দৈনন্দিন জীৱনত কাম কৰাৰ ক্ষমতাক হ্ৰাস কৰিব লাগে। আন আন সমস্যাসমূহৰ ফলত একে ধৰণৰ লক্ষণ দেখা দিব পাৰে, যেনে- হাইপাৰথাইৰয়ডিজম; হৃদৰোগ, কেফেইন, মদ, বা ভাঙৰ ব্যৱহাৰ। ইয়াৰোপৰি কিছুমান পূৰ্বে ব্যৱহৃত ঔষধৰ পৰা আঁতৰি থকা আদি[11] উদ্বেগজনক বিকাৰসমূহ অত্যধিক বা স্থায়ী স্বাভাৱিক ভয় বা উদ্বেগৰ পৰা পৃথক।