উদজান
পৰ্য্যাবৃত্ত তালিকাৰ প্ৰথম মৌল / From Wikipedia, the free encyclopedia
উদজান বা হাইড্ৰ'জেন (ইংৰাজী: Hydrogen) এটা ৰাসায়নিক মৌল। আণৱিক ভৰ ১.০০৭৯৪ ডেল্টন হোৱাৰ বাবে পৰ্য্যাবৃত্ত তালিকাত ইয়াক সকলোতকৈ পাতল মৌল বুলি গণ্য কৰা হয়। হাইড্ৰ'জেনৰ ৰাসায়নিক চিহ্ন হ'ল H। ইয়াৰ আণৱিক সংকেত H2 আৰু পাৰমাণৱিক সংখ্যা ১। হাইড্ৰ'জেন বিশ্বত সকলোতকৈ বেছিকৈ পোৱা মৌলসমূহৰ ভিতৰত অন্যতম। হাইড্ৰ'জেনৰ সচৰাচৰ পোৱা আইছ'টপটো হৈছে 'প্ৰটিয়াম'। [1]