উইলিয়াম জেম্ছ
আমেৰিকান দাৰ্শনিক, মনোবিজ্ঞানী (1842–1910) / From Wikipedia, the free encyclopedia
উইলিয়াম জেম্ছ (ইংৰাজী: William James) (১১ জানুৱাৰী, ১৮৪২– ২৬ আগষ্ট, ১৯১০)এগৰাকী আমেৰিকান দাৰ্শনিক, মনোবিজ্ঞানী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত মনোবিজ্ঞানৰ পাঠ্যক্ৰম আগবঢ়োৱা প্ৰথমজন শিক্ষাবিদ।[4] জেম্ছক উনৈশ শতিকাৰ অন্তিম সময়ৰ এজন অগ্ৰণী চিন্তাবিদ বুলি গণ্য কৰা হয়, লগতে সৰ্বাধিক প্ৰভাৱশালী আমেৰিকান দৰ্শনবিদ আৰু আমেৰিকান মনোবিজ্ঞানৰ পিতৃৰ মৰ্যাদা দিয়া হয়।[5][6][7]
১৯০৩ চনত জেমছ | |
সম্পূৰ্ণ নাম | উইলিয়াম জেমছ |
---|---|
জন্ম | ১১ জানুৱাৰী, ১৮৪২ নিউ ইয়ৰ্ক চিটি, আমেৰিকা যুক্তৰাষ্ট্ৰ |
মৃত্যু | ২৬ আগষ্ট, ১৯১০ (৬৮ বছৰ) টেমৱৰ্থ, নিউ হেম্সফায়াৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ |
যুগ | ১৯-২০ শতিকাৰ দৰ্শন |
অঞ্চল | পাশ্চাত্য দৰ্শন |
ধাৰা |
|
আগ্ৰহ |
|
উল্লেখযোগ্য কৰ্ম |
|
প্ৰতিষ্ঠান | হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় |
প্ৰভাৱিত কৰে
|
ছাৰ্লছ ছেণ্ডাৰ্ছ পিয়েৰ্ছৰ সৈতে জেম্ছে এখন দাৰ্শনিক বিদ্যালয় স্থাপন কৰিছিল, যাক কোৱা হৈছিল প্ৰৱণতা আৰু যাক কাৰ্যকৰী মনোবিজ্ঞানৰ এক প্ৰতিষ্ঠাপক বুলিও আখ্যা দিয়া হয়। ২০০২ চনত প্ৰকাশিত হোৱা Review of General Psychology-ৰ বিশ্লেষণত জেম্ছক বিংশ শতিকাৰ চতুৰ্দশ সৰ্বাধিক প্ৰখ্যাত মনোবিজ্ঞানী হিচাপে বিবেচিত কৰা হৈছে।[8] ১৯৯১ চনত American Psychologist-ত প্ৰকাশিত এক জৰীপৰ মতে, জেম্ছৰ জনপ্ৰিয়তাক দ্বিতীয় স্থানত মানাংকিত কৰা হয়।[9] তেওঁৰ স্থান আছিল উইলহেম ওৱাণ্ড্ট ('Wilhelm Wundt)ৰ পাছতেই, যাক পৰীক্ষামূলক মনোবিজ্ঞানৰ প্ৰতিষ্ঠাতা হিচাপে জনা যায়।[10][11] জেম্ছে একধৰণৰ দাৰ্শনিক দৃষ্টিভংগীও প্ৰৱৰ্তন কৰিছিল, যাক কোৱা হয়- "radical empiricism"। [12]
এটা প্ৰতিপত্তিশালী পৰিয়ালত জন্মগ্ৰহণ কৰা উইলিয়াম জেম্ছৰ পিতৃ আছিল হেনৰি জেম্ছ জ্যেষ্ঠ। তেখেত এজন ছুইডেনবৰ্গীয় ধৰ্মতত্ত্ববিদ আছিল। আনহাতে উইলিয়াম জেম্ছ ভ্ৰাতৃ আছিল বিখ্যাত ঔপন্যাসিক হেনৰি জেম্ছ আৰু দিনলিপি-লিখোঁতা এলিচ জেম্ছ। জেম্ছে এগৰাকী শৈল-চিকিৎসক হিচাপে প্ৰশিক্ষণ লৈছিল আৰু হাৰ্ভাৰ্ডত দেহবিদ্যা পঢ়াইছিল। কিন্তু তেখেতে নিজে কেতিয়াও চিকিৎসা-বিদ্যাৰ অনুশীলন কৰা নাছিল। তাৰ পৰিৱৰ্তে তেখেতে মনোবিজ্ঞান আৰু দৰ্শনতহে ৰাপ দেখুৱাইছিল। জেম্ছে বহুতো বিষয়ত চৰ্চা কৰিছিল, লেখা-মেলা কৰিছিল। তাৰে ভিতৰত শিক্ষা, মনোবিজ্ঞান, ধৰ্ম, মেটা-পদাৰ্থবিজ্ঞান, জ্ঞানতত্ত্ব, ৰহস্যবাদ আছিল প্ৰধান। তেখেতৰ কেইখনমান প্ৰভাৱশালী গ্ৰন্থ হৈছে The Principles of Psychology (মনোবিজ্ঞানৰ নীতি)। এইখন গ্ৰন্থ মনোবিজ্ঞানৰ ক্ষেত্ৰত এখন যুগান্তকাৰী গ্ৰন্থ হিচাপে বিবেচিত। তাৰ উপৰি তেখেতে লিখা Essays in Radical Empiricism গ্ৰন্থখন দৰ্শনৰ বাবে অতি প্ৰয়োজনীয় সমল হিচাপে পৰিচিত। বিভিন্ন ধৰ্মৰ ধৰ্মীয় অভিজ্ঞতাৰ অনুসন্ধানেৰে সমৃদ্ধ তেখেতৰ আন এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ হৈছে-The Varieties of Religious Experience। এইখন গ্ৰন্থই মন-পৰিচৰ্যা বা 'mind-cure-ৰ বিষয়ে আলোচনা কৰে।[13]