ইৰফান খান
ভাৰতীয় অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক / From Wikipedia, the free encyclopedia
ইৰফান খান (ইংৰাজী: Irrfan Khan; ৭ জানুৱাৰী ১৯৬৭ – ২৯ এপ্ৰিল ২০২০)[2] এগৰাকী ভাৰতীয় অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ হিন্দী চলচ্চিত্ৰৰ লগতে ব্ৰিটিছ আৰু হলিউডৰ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত।[3][4] তেওঁ প্ৰায় তিনি দশকজুৰি চলচ্চিত্ৰ জগতৰ লগত জড়িত হৈ আছিল। প্ৰায় ৫০খন ভাৰতীয় ছবিত তেওঁ অভিনয় কৰিছে। কলাত্মক আৰু সুকীয়া অভিনয়শৈলীৰ বাবে তেওঁ এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, এটা এচিয় চলচ্চিত্ৰ বঁটা আৰু চাৰিটা ফিল্মফেয়াৰ বঁটা লাভ কৰাৰ উপৰিও বহুতো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে। তেওঁৰ স্বাভাৱিক অভিনয়শৈলীৰ বাবে চলচ্চিত্ৰ সমালোচক সকলে তেওঁক ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম শ্ৰেষ্ঠ অভিনেতা বুলি অভিহিত কৰে।[5][6] ২০১১ চনত ভাৰত চৰকাৰে কলাৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে দেশৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[7]
ইৰফান খান | |
---|---|
জন্ম | চাহাবজাদে ইৰফান আলি খান[1] ৭ জানুৱাৰী, ১৯৬৭ জয়পুৰ, ৰাজস্থান, ভাৰত |
মৃত্যু | ২৯ এপ্ৰিল, ২০২০ (৫৩ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
মৃত্যুৰ কাৰণ | কলন সংক্ৰমণ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
অন্য নাম | ইৰফান |
শিক্ষানুষ্ঠান | ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় |
পেচা | অভিনেতা, প্ৰযোজক |
সক্ৰিয় হৈ থকা সময় | ১৯৮৫-২০২০ |
দাম্পত্যসঙ্গী | সূতাপা দেৱেন্দ্ৰ চিকদাৰ (বি. ১৯৯৫) |
সন্তান | ২ |
১৯৮৮ চনত অস্কাৰ বঁটালৈ শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ শিতানত মনোনীত মীৰা নায়াৰৰ 'চালাম বোম্বে'ত অভিনয়ৰ জৰিয়তে তেওঁ ভাৰতীয় চলচ্চিত্ৰ জগতলৈ পদাৰ্পণ কৰিছিল। তাৰপিছত তেওঁ কেইবাখনো চলচ্চিত্ৰৰ সৰু-সুৰা চৰিত্ৰত অভিনয় কৰিছিল যদিও নিজকে এগৰাকী সফল অভিনেতা হিচাপে উপস্থাপন কৰিবলৈ সক্ষম হোৱা নাছিল। তেওঁ ২০০৩ চনৰ 'হাছিল' আৰু ২০০৪ চনত মুক্তিপ্ৰাপ্ত 'মকবুল'ত কৰা অভিনয়ৰ বাবে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। 'মকবুল'ত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ ভিলেইনৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। তাৰপিছত তেওঁ ২০০৭ চনত 'লাইফ ইন মেট্ৰ’' ছবিত অভিনয় কৰে আৰু এই ছবিখন তেওঁৰ জীৱনৰ অন্যতম উল্লেখযোগ্য ছবি হিচাপে পৰিগণিত হয়। ইয়াৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। ২০১১ চনত তেওঁৰ ক্ৰীড়া আৰু জীৱনীমূলক ছবি 'পান সিং তোমাৰ'ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু সমালোচকৰ শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।[8] ২০১৩ চনত মুক্তি লাভ কৰা তেওঁ অভিনয় কৰা 'লাঞ্চবক্স' ছবিখনে ব্ৰিটিছ চলচ্চিত্ৰ আৰু টেলিভিছন একাডেমী বঁটালৈ মনোনীত হৈছিল। তাৰপিছত তেওঁ কেইবাখনো কলাত্মক আৰু বাণিজ্যিক ভাবে সফল ছবি যেনে 'হাইদৰ' (২০১৪), 'গুণ্ডে' (২০১৪), 'পিকু' (২০১৫) আৰু 'তালৱাৰ'ত (২০১৫) অভিনয় কৰে। তেওঁৰ আটাইতকৈ বেছি বাণিজ্যিক ভাবে সফল ছবি হাস্যব্যংগমূলক 'হিন্দী মিডিয়াম' ২০১৭ চনত মুক্তি লাভ কৰিছিল। ছবিখন ভাৰত আৰু চীনত চুপাৰহিট হয় আৰু ইয়াত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।
বৈশ্বিক চলচ্চিত্ৰত তেওঁ কেইবাখনো ব্ৰিটিছ আৰু হলিউদৰ ছবিত অভিনয় কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হ'ল 'দা ৱাৰিৱৰ' (২০০১), 'দ্য নেমচেক' (২০০৬), 'দা দাৰ্জিলিং লিমিটেড' (২০০৭), 'শ্লামডগ মিলিয়নাৰ' (২০০৮), 'নিউয়ৰ্ক, আই লাভ ইউ' (২০০৯), 'দা এমেজিং স্পাইদাৰমেন' (২০১২), 'লাইফ অৱ পাই' (২০১২), 'জুৰাচিক ৱৰ্ল্ড' (২০১৫) আৰু 'ইনফাৰ্ন’' (২০১৬)।
২০১৭ চনলৈ তেওঁৰ চলচ্চিত্ৰসমূহে বৈশ্বিক বক্স অফিচত ৩৬০ কোটি আমেৰিকান ডলাৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে। ২০১৮ চনত তেওঁৰ দেহত নিউৰ'এণ্ড'ক্ৰাইন কৰ্কট ৰোগ ধৰা পৰে। ২০২০ চনৰ ২৯ এপ্ৰিল তাৰিখে ৫৩ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[9][10]