ইউ এছ অ'পেন (টেনিছ)
From Wikipedia, the free encyclopedia
ইউ এছ অ’পেন টেনিছ চেম্পিয়নশ্বিপ হৈছে নিউয়ৰ্কৰ কুইন্স চহৰত প্ৰতি বছৰে অনুষ্ঠিত হোৱা হাৰ্ডক’ৰ্ট অৰ্থাৎ কঠিন খেলপথাৰত আয়োজন কৰা টেনিছ প্ৰতিযোগিতা। ১৯৮৭ চনৰ পৰা ইউ এছ অ’পেন কালক্ৰমিকভাৱে বছৰৰ চতুৰ্থ আৰু অন্তিম গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতা। বাকী তিনিটা কালক্ৰম অনুসৰি অষ্ট্ৰেলিয়ান অ’পেন, ফ্ৰেঞ্চ অ’পেন আৰু উইম্বলডন টেনিছ প্ৰতিযোগিতা। আগষ্ট মাহৰ শেষ সোমবাৰৰ পৰা আৰম্ভ হোৱা ইউ এছ অ’পেন দুসপ্তাহলৈকে চলে আৰু মাজ সপ্তাহৰ শেষৰ দিনটো আমেৰিকাৰ শ্ৰমিক দিৱসৰ ছুটীৰ সৈতে মিলি যায়। এই প্ৰতিযোগিতাখন বিশ্বৰ অন্যতম পুৰণি টেনিছ চেম্পিয়নশ্বিপ। প্ৰথমে এই প্ৰতিযোগিতাখন ইউ.এছ.নেচনেল চেম্পিয়নশ্বিপ নামেৰে জনাজাত আছিল। প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধ বাতিলৰ ফলত প্ৰভাৱিত নোহোৱা আৰু লগতে ২০২০ চনত ক’ভিড-১৯ মহামাৰীত বাধাগ্ৰস্ত নোহোৱা একমাত্ৰ গ্ৰেণ্ড শ্লেম এইখনেই।