ইউৰেছিয়া
মহাদেশ / From Wikipedia, the free encyclopedia
ইউৰেছিয়া হৈছে এখন মহাদেশ বা অতিমহাদেশ, যি পৰম্পৰাগত মহাদেশ ইউৰোপ আৰু এছিয়াৰ সমষ্টি। ইউৰেছিয়া শব্দতো ইউৰোপ আৰু এছিয়া শব্দ দুটাৰ সন্ধিত সৃষ্টি হোৱা শব্দ।
ক্ষিপ্ৰ তথ্য মাটিকালি, জনসংখ্যা ...
বন্ধ কৰক
ভৌতিক ভূগোলৰ অনুসৰি ই হৈছে এখনেই মহাদেশ,[1] ইউৰোপ আৰু এছিয়া বেলেগ বেলেগ মহাদেশৰ ধাৰণাতো পুৰণি যুগৰে পৰা প্ৰচলিত। ইউৰেছিয়া, অন্যহাতে, ইয়াতকৈও ডাঙৰ ভূ-খণ্ড এফ্ৰো-ইউৰেছিয়া অংশ। এফ্ৰো-ইউৰেছিয়াক ছুৱেজ খালে দুভাগত বিভক্ত কৰিছে। তাৰে এখন হৈছে ইউৰেছিয়া আৰু আনখন আফ্ৰিকা।
ইউৰেছিয়াৰ মাটিকালি ৫,২৯,৯০,০০০ বৰ্গ কিলোমিটাৰ যি হৈছে পৃথিৱীৰ মুঠ স্থলভাগৰ ৩৬.২%। ইয়াৰ জনসংখ্যা প্ৰায় ৪ বিলিয়ন, যি পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৭২.৫% -ত কৈ অধিক (৬০% এছিয়াত আৰু ১২.৫ % ইউৰোপত)।