আৰৱ সাগৰ
সাগৰ / From Wikipedia, the free encyclopedia
আৰৱ সাগৰ উত্তৰ ভাৰত মহাসাগৰৰ অংশবিশেষ। ইয়াৰ উত্তৰে পাকিস্তান আৰু ইৰাণ, পশ্চিমে ছুমালিয়াৰ উত্তৰ-পূব অংশ আৰু আৰৱ উপদ্বীপ আৰু পূবে ভাৰত অৱস্থিত। ঐতিহাসিকভাৱে এই সাগৰৰ কেইবাটাও নাম প্ৰচলিত আছিল। সিন্ধু সাগৰ, ইৰীথ্ৰীন সাগৰ আৰু পাৰ্ছীয়ান সাগৰ ইয়াৰ পূৰ্বৰ নাম। ইয়াৰ মুঠ আয়তন ৩৮,৬২,০০০ বৰ্গ কিমি আৰু সৰ্বনিম্ন গভীৰতা ৪,৬৫২ মিটাৰ। এডেন উপসাগৰ ইয়াৰ দক্ষিণ-পশ্চিম দিশত অৱস্থিত। বাব-ইল-মানদেবে আৰৱ সাগৰ আৰু লোহিত সাগৰক সংযোগ কৰিছে। ওমান উপসাগৰ ইয়াৰ উত্তৰ পশ্চিম দিশতঅৱস্থিত আৰু ই এৰাব সাগৰ আৰু পাৰ্ছীয়ান উপসাগৰক সংযোগ কৰিছে।
আৰৱ সাগৰ | |
---|---|
স্থানাংক | 18°N 66°E |
Basin countries | ভাৰত, ইৰাণ, মালদ্বীপ, ওমান, পাকিস্তান, ছুমালিয়া, য়েমেন |
Max. width | ২,৪০০ কিমি |
Surface area | ৩৮,৬২,০০০ বৰ্গ কিমি |
Max. depth | ৪,৬৫২ মিটাৰ |
খ্ৰীষ্টপূৰ্ব দুই হাজাৰৰ পৰা তিনি হাজাৰ বছৰ আগৰ পৰায়ে আৰৱ সাগৰ অতি গুৰুত্বপূৰ্ণ সামুদ্ৰিক বাণিজ্যৰ পথ আছিল। ইয়াৰ পাৰত অৱস্থিত উল্লেখযোগ্য বন্দৰসমূহ হ’ল: মুম্বাইৰ জৱাহৰলাল নেহৰু বন্দৰ, কাণ্ডলা বন্দৰ, গোৱাৰ মৰ্মগাঁও, পাকিস্তানৰ কৰাচী আৰু গৱাদাৰ বন্দৰ আৰু ওমানৰ চালালাহ বন্দৰ। আৰৱ সাগৰৰ বৃহত্তম দ্বীপসমূহ হ’ল: য়েমেনৰ ছ'ক'ট্ৰা, ওমানৰ মাশীৰাহ, পাকিস্তানৰ অষ্টলা দ্বীপ আৰু ভাৰতৰ এন্ডৰত।