আৰ্যিকা
জৈন ধৰ্মৰ সন্ন্যাসিনী / From Wikipedia, the free encyclopedia
আৰ্যিকা (ইংৰাজী: Aryika) বা সাধ্বী হৈছে জৈন ধৰ্মৰ এগৰাকী সন্ন্যাসিনী। [1]পৰম্পৰাগত দিগম্বৰ পৰম্পৰাত, এজন পুৰুষ বিশেষকৈ তপস্বীত্বৰ জৰিয়তে মানুহক মুক্তি প্ৰাপ্ত কৰাৰ সম্ভাৱনা থকা শীৰ্ষৰ আটাইতকৈ ওচৰত বুলি গণ্য কৰা হয়। মহিলাসকলে মুক্তি লাভৰ বাবে কৰ্মযোগ্যতা লাভ কৰিব লাগিব আৰু পুৰুষ হিচাপে পুনৰ জন্ম ল'ব লাগিব। তেতিয়াহে তেওঁলোকে জৈন ধৰ্মৰ দিগম্বৰ সম্প্ৰদায়ত আধ্যাত্মিক মুক্তি প্ৰাপ্ত কৰিব পাৰিব। [2][3] এই দৃষ্টিভংগী শ্বেতাম্বৰ সম্প্ৰদায়তকৈ পৃথক। শ্বেতাম্বৰ সকলে বিশ্বাস কৰে যে নাৰীসকলেও সন্ন্যাসিনী হৈ আৰু তপস্বী প্ৰথাৰ জৰিয়তে সংসাৰৰ পৰা মুক্তি লাভ কৰিব পাৰে।[3][4]
শ্বেতাম্বৰ জৈন গ্ৰন্থ কল্পসূত্ৰ অনুসৰি জৈন ধৰ্মৰ সন্ন্যাসীতকৈ অধিক সংখ্যক সাধ্বী বা আৰ্যিকা আছে।[5] আধুনিক যুগৰ তপগছত জৈন ধৰ্মমতে জৈন মুনিৰ সৈতে সাধ্বীৰ অনুপাত প্ৰায় ৩.৫ অনুপাত ১। ঐতিহাসিকভাৱে বৌদ্ধ ধৰ্ম আৰু হিন্দু ধৰ্মত দেখা লিংগ অনুপাতৰ বিপৰীতে এয়া বহুত বেছি। পৰম্পৰাগতভাৱে শ্বেতাম্বৰ সম্প্ৰদায়ৰ বিপৰীতে দিগম্বৰ সম্প্ৰদায়ত সাধ্বীৰ সংখ্যা বহুত কম আছিল।[6] সমসাময়িক সময়ত কিছুমান দিগম্বৰ সংগঠনৰ প্ৰচেষ্টাত আৰ্যিকাকো অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু জৈন মুনি অৰ্থাৎ সন্ন্যাসী আৰু সাধ্বীৰ অনুপাত প্ৰায় ১ অনুপাত ৩।[7]