আৰতি ছাৰিন
ভাৰতীয় এডমিৰেল / From Wikipedia, the free encyclopedia
আৰতি ছাৰিন(ইংৰাজী: Arti Sarin) ভাৰতীয় নৌসেনাত সেৱা আগবঢ়োৱা এগৰাকী পতাকা বিষয়া। বৰ্তমান তেওঁ চিকিৎসা সেৱাৰ সঞ্চালক প্ৰধান (নৌসেনা) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ পূৰ্বে তেওঁ এয়াৰ মাৰ্শ্বাল পদবীত চিকিৎসা সেৱাৰ সঞ্চালক প্ৰধান (নৌসেনা) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ সশস্ত্ৰ বাহিনীৰ চিকিৎসা মহাবিদ্যালয়ৰ সঞ্চালক আৰু অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতীয় সশস্ত্ৰ বাহিনীত তিনি তাৰকা ৰেংকলৈ উন্নীত হোৱা তেওঁ ষষ্ঠগৰাকী মহিলা। ভাৰতীয় নৌসেনাত চাৰ্জন ভাইচ এডমিৰেল পুনিতা আৰোৰা আৰু শ্বিলা এছ মাথাইৰ পিছতে ভাইচ এডমিৰেল পদবী লাভ কৰা তৃতীয়গৰাকী মহিলা বিষয়া।
চাৰ্জন ভাইচ এডমিৰেল আৰতি ছাৰিন ভিএচএম | |
---|---|
চিকিৎসা সেৱা (নৌসেনা) সঞ্চালক প্ৰধান হিচাপে ছাৰিন | |
আনুগত্য | ভাৰত |
চাকৰি/শাখা | ভাৰত Navy Indian Air Force |
চাকৰিৰ কাৰ্যকাল | 1985–present |
পদমৰ্যদা | ভাইচ এডমিৰেল]] এয়াৰ মাৰ্শ্বাল |
নেতৃত্বসমূহ | সশস্ত্ৰ বাহিনী চিকিৎসা মহাবিদ্যালয়]] আইএনএইচএছ অশ্বিনী |
পুৰস্কাৰ | বিশিষ্ট সেৱা মেডেল |
ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তিনিওটা শাখাতে সেৱা আগবঢ়োৱাৰ বাবে সাৰিন বিৰল গৌৰৱৰ অধিকাৰী। ভাৰতীয় সেনাবাহিনীত লেফটেনেণ্টৰ পৰা কেপ্তেইনলৈকে, ভাৰতীয় নৌসেনাত চাৰ্জন লেফটেনেণ্টৰ পৰা চাৰ্জন ভাইচ এডমিৰেললৈকে আৰু ভাৰতীয় বায়ুসেনাত এয়াৰ মাৰ্শ্বাল হিচাপে সেৱা আগবঢ়াইছিল।