মুছলমানসকলে তেওঁলোকৰ সৃষ্টিকৰ্তাক 'আল্লাহ' বুলি সম্বোধন কৰে। ইছলামৰ মূল বিশ্বাস হৈছে আল্লাহৰ একত্ব বা তাওহিদ। ইছলাম পৰম একেশ্বৰবাদী আৰু কোনোভাৱেই আপেক্ষিক বা বহুত্ববাদী নহয়। আল্লাহৰ একত্ব ইছলামৰ পাঁচটি মূল স্তম্ভৰ মাজৰ প্ৰথম, যাক শ্বাহাদাহ বোলা হয়। এইটো পাঠৰ মাধ্যমত মানুহে স্বীকাৰ কৰে যে, (এক) আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু (দুই) মুহাম্মাদ চাল্লাল্লাহু আলাইহি ওৱাছাল্লাম তেওঁৰ প্ৰেৰিত বাণীবাহক। ছুৰা ইখলাছত আল্লাহৰ এনেদৰে বৰ্ণনা দিয়া হৈছে:
[قُلْ هُوَ اللهُ أَحَدٌ. اللهُ الصَّمَدُ. لَمْ يَلِدْ وَلَمْ يُولَدْ. لَمْ يَلِدْ وَلَمْ يُولَدْ. وَلَمْ يَكُنْ لَهُ كُفُوًا أَحَدٌ] {الاخلاص:1-4}
- "কওক, তেওঁ আল্লাহ, এক, একক।
- আল্লাহ অমুখাপেক্ষী।
- তেওঁ কাকো জন্ম দিয়া নাই আৰু কোনেও তেওঁক জন্ম দিয়া নাই।
- আৰু তেওঁৰ সমতুল্য একোৱেই নাই।
অধিক তথ্য This article has multiple issues. Please help improve it or discuss these issues on the talk page. ...
This article has multiple issues. Please help improve it or discuss these issues on the talk page. |
|
বন্ধ কৰক
ব্যুৎপত্তিগতভাৱে আল্লাহ শব্দটো "ইলাহ"ৰ পৰা গৃহিত। ইলাহ (Ilah) শব্দটো আহিছে হিব্ৰু ভাষাৰ এলাহ (Elah) শব্দৰ পৰা। এলাহ মানে পৰম উপাসক। এলাহৰ ইংৰাজী প্ৰতিশব্দ হ'ল 'deity'। আল্লাহ শব্দটো আল আৰু ইলাহৰ যুক্তাক্ষৰ (Al + Ilah = Allah)। আল (Al) নিৰ্দিষ্টবাচক শব্দ (determiner) যাৰ অৰ্থ -জন, -খন, -টো বা ইংৰাজীত the। গতিকে আল্লাহ মানে পৰমেশ্বৰ জন (আল = জন; ইলাহ = পৰমেশ্বৰ, The Deity)। যিহেতু ইছলাম এটা বিশুদ্ধ একেশ্বৰবাদী (এক + ঈশ্বৰ) ধৰ্ম, গতিকে এই ধৰ্মৰ উপাসক জনক সকলোতকৈ উচ্চ আৰু নিৰ্দিষ্ট আসনত অধিষ্ঠিত কৰা হয়।