আলোক-বৰ্ষ
From Wikipedia, the free encyclopedia
এক আলোক-বৰ্ষ বা পোহৰ-বৰ্ষ (ইংৰাজীত Light-year বা light year, চমুকৈ: ly)[2] মহাজাগতিক দূৰত্ব সূচিত কৰা এটা একক। ই প্ৰায় ৯ লাখ কোটি কিলোমিটাৰ (বা প্ৰায় ৬ লাখ কোটি মাইলৰ সমান)। আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংস্থা (IAU)-ৰ মতে, এক আলোক বৰ্ষ হৈছে এক জুলিয়ান বৰ্ষত পোহৰে অতিক্ৰম কৰিব পৰা দূৰত্ব।[3] যিহেতু ইয়াত বৰ্ষ শব্দটো সোমাই আছে, সেয়ে বহুসময়ত আলোক-বৰ্ষক সময়ৰ একক বুলি ভুল কৰা হয়।
আলোক-বৰ্ষ | |
---|---|
সূৰ্যৰ পৰা ১২.৫ আলোক-বৰ্ষৰ ভিতৰত থকা তৰাসমূহ দেখুওৱা হৈছে[1] | |
এককটোৰ তথ্য | |
একক পদ্ধতি | জ্যোতিৰ্বিদ্যাৰ একক |
কিহৰ একক | দৈৰ্ঘ্য |
সংকেত | ly |
একক পৰিৱৰ্তন | |
১ ly ... পদ্ধতিত | ...ৰ সমান |
মেট্ৰিক (এচ আই) একক | Lua error in Module:Convert at line 696: attempt to index local 'utable' (a nil value). |
ইম্পেৰিয়েল একক | Lua error in Module:Convert at line 696: attempt to index local 'utable' (a nil value). |
জ্যোতিৰ্বৈজ্ঞানিক একক | Lua error in Module:Convert at line 696: attempt to index local 'utable' (a nil value). Lua error in Module:Convert at line 696: attempt to index local 'utable' (a nil value). |
জনপ্ৰিয় বিজ্ঞান লেখা(পত্ৰিকা) সমূহত, তাৰকাপুঞ্জৰ মাজৰ দূৰত্ব বা ইহঁতৰ তৰাবোৰৰ মাজৰ দূৰত্ব প্ৰকাশ কৰিবলৈ সাধাৰণভাৱে আলোক-বৰ্ষ ব্যৱহাৰ কৰা হয়, ই অৱ্শ্যে মানক বৈজ্ঞানিক একক নহয়। পেচাদাৰী জ্যোতিৰ্বিদ্যাত ব্যৱহাৰ কৰা দূৰত্বৰ একক হৈছে পাৰছেক, (সংকেত: pc, এক পাৰছেক প্ৰায় ৩.২৬ আলোক-বৰ্ষৰ সমান)। ১ পাৰছেক হৈছে, ১ জ্যোতিৰ্বৈজ্ঞানিক একক দৈৰ্ঘৰ এডাল ৰেখাৰ দুইমূৰৰ পৰা টনা আন দূডাল ৰেখাই য’ত এক আৰ্ক-ছেকেণ্ড কোণ কৰি মিলিত হ’ব, সিমান দূৰত্ব।[3]