আলোক-ইলেকট্ৰন
From Wikipedia, the free encyclopedia
এখন ধাতুৰ পৃষ্ঠত এক নিৰ্দিষ্ট শক্তিতকৈ বেছি শক্তিৰ পোহৰ পৰিলে ধাতু পৃষ্ঠৰ পৰা যি ইলেকট্ৰন নিৰ্গত হয় তাকে আলোক ইলেকট্ৰন (ইংৰাজী: Photo electron) বুলি কোৱা হয়। ধাতুৰ পৃষ্ঠৰ পৰা ইলেকট্ৰন নিৰ্গত হ'বলৈ যি ন্যূনতম শক্তিৰ প্ৰয়োজন সেয়া ধাতুটোৰ কাৰ্য্যফলনৰ সমান। ধাতু পৃষ্ঠৰ পৰা নিৰ্গত আলোক ইলেকট্ৰনৰ গতিশক্তি (Kmax) ধাতুৰ পৃষ্ঠত পৰা পোহৰৰ শক্তি (hf) আৰু কাৰ্য্যফলনৰ (φ) পাৰ্থক্যৰ সমান, অৰ্থাৎ Kmax=hf – φ য'ত h প্লাংকৰ ধ্ৰুৱক আৰু f পোহৰৰ কম্পনাংক।
এই পদাৰ্থ বিজ্ঞান সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |