আলি বাবা আৰু চল্লিশটা চোৰ
From Wikipedia, the free encyclopedia
আলি বাবা আৰু চল্লিশটা চোৰ (আৰবী: علي بابا والأربعون لصا) হৈছে অষ্টাদশ শতিকাৰ এহেজাৰ এনিশা নামৰ লোককথাৰ সংকলনত ইয়াৰ ফৰাচী অনুবাদক এণ্টোৱান গালেণ্ডে সংযোজন কৰা এক লোককথা। গালেণ্ডে সাধুটো ছিৰিয়াৰ গল্পকাৰ হান্না ডিয়াবৰ পৰা শুনিছিল। এহেজাৰ এনিশা বা আৰবীয়ান নাইটছৰ অন্যতম জনপ্ৰিয় কাহিনী হিচাপে ইয়াক ব্যাপকভাৱে পুনৰ্কথন কৰা হৈছে আৰু সমগ্ৰ বিশ্বৰ বহু মাধ্যমত ইয়াক পৰিবেশন কৰা হৈছে।
ক্ষিপ্ৰ তথ্য আলি বাবা আৰু চল্লিশটা চোৰ ...
আলি বাবা আৰু চল্লিশটা চোৰ | |
---|---|
মেক্সৱেল পেৰিছে অংকন কৰা আলি বাবাৰ ককায়েক কাছিমৰ চিত্ৰ (১৯০৯) | |
সাধু কথা | |
নাম: | আলি বাবা আৰু চল্লিশটা চোৰ |
তথ্য | |
অঞ্চল: | মধ্যপ্ৰাচ্য, ভাৰতীয় উপমহাদেশ |
বন্ধ কৰক
মূল সংস্কৰণটোত আলি বাবা এজন দুখীয়া কাঠকটীয়া আৰু এজন সৎ ব্যক্তি আছিল। তেওঁ চোৰৰ ধন-সম্পত্তি গোটাই ৰখা এটা গুহাৰ ৰহস্য আৱিষ্কাৰ কৰে আৰু ইয়াক খোলাৰ বাবে প্ৰয়োজন হোৱা যাদুকৰী বাক্যাংশ "খোল খা ছিমছিম" বুলি কৈ প্ৰৱেশ কৰে। চোৰে আলি বাবাক হত্যা কৰিবলৈ চেষ্টা কৰে যদিও আলি বাবাৰ বিশ্বাসী এগৰাকী দাসীয়ে তেওঁলোকৰ চক্ৰান্ত বিফল কৰে। আলি বাবাৰ পুতেকে পিছত তাইক বিয়া কৰায়।