আবেগ
From Wikipedia, the free encyclopedia
আৱেগ হৈছে বিভিন্ন ধৰণৰ চিন্তা, অনুভূতি, আচৰণৰ সঁহাৰি, আৰু কিছু পৰিমাণে আনন্দ বা অসন্তুষ্টিৰ সৈতে জড়িত, স্নায়ুশাৰীৰিক পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা এক প্ৰকাৰৰ মানসিক অৱস্থা বা স্থিতি।[1][2][3][4] বৰ্তমান ইয়াৰ কোনো বৈজ্ঞানিক ঐকমত্য সংজ্ঞা নাই।[5] আৱেগ প্ৰায়ে মনোভাৱ, স্বভাৱ, ব্যক্তিত্ব, প্ৰকৃতি বা সৃষ্টিশীলতাৰ সৈতে জড়িত হৈ থাকে।[6]
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
মনোবিজ্ঞান, চিকিৎসা বিজ্ঞান, ইতিহাস, আৱেগিক সমাজবিজ্ঞান, কম্পিউটাৰ বিজ্ঞান আদি বহুতো ক্ষেত্ৰৰ বৰঙণিৰ সৈতে বিগত দুটা দশকত আৱেগৰ ওপৰত গৱেষণা যথেষ্ট বৃদ্ধি পাইছে। আৱেগৰ উৎপত্তি, কাৰ্য আৰু অন্যান্য দিশসমূহ ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা অসংখ্য তত্ত্বই এই বিষয়টোৰ ওপৰত আৰু অধিক গৱেষণাৰ পোষকতা কৰিছে। আৱেগৰ ধাৰণা সম্পৰ্কে বৰ্তমানৰ গৱেষণাৰ ক্ষেত্ৰসমূহৰ ভিতৰত আছে আৱেগক উদ্দীপিত আৰু উদগনি দিয়া সামগ্ৰীৰ বিকাশ সাধন কৰা। ইয়াৰ উপৰিও PET স্কেন আৰু fMRI স্কেনে মগজুত সৃষ্টি হোৱা প্ৰতিক্ৰিয়ামূলক ছবিসমূহ অধ্যয়ন কৰাত সহায় কৰে।[7]
যান্ত্ৰিক দৃষ্টিকোণৰ পৰা আৱেগক "শাৰীৰিক কাৰ্যকলাপৰ এটা বিশেষ আৰ্হিৰ সৈতে জড়িত এক ইতিবাচক বা নেতিবাচক অভিজ্ঞতা" বুলি সংজ্ঞায়িত কৰিব পাৰি। আৱেগে বিভিন্ন শাৰীৰিক, আচৰণগত আৰু জ্ঞানমূলক পৰিৱৰ্তনৰ সৃষ্টি কৰে। আৱেগৰ মূল ভূমিকা আছিল এনে অভিযোজিত আচৰণক প্ৰেৰণা দিয়া যিয়ে অতীতত জীয়াই থকা, প্ৰজনন আৰু আত্মীয় নিৰ্বাচনৰ জৰিয়তে জিনসমূহত প্ৰেৰণ কৰাত অৰিহণা যোগাইছিল।[8][9]
কিছুমান তত্ত্বমতে জ্ঞান হৈছে আৱেগৰ এটা গুৰুত্বপূৰ্ণ দিশ। আন কিছুমান তত্ত্বই অৱশ্যে দাবী কৰে যে আৱেগ জ্ঞানৰ পৰা পৃথক আৰু ইয়াৰ পৰাই জ্ঞান ওপজে। সচেতনভাৱে এটা আৱেগ অনুভৱ কৰাটো হ’ল আনন্দ অথবা অসন্তুষ্টিৰ সৈতে পুনৰ সংযুক্ত হৈ থকা কোনো অতীত বা কাল্পনিক অভিজ্ঞতাৰ পৰা সেই আৱেগৰ মানসিক উপস্থাপন প্ৰদৰ্শন কৰা।[10] বিষয়বস্তুৰ অৱস্থাসমূহ অভিজ্ঞতাৰ মৌখিক ব্যাখ্যাৰ দ্বাৰা, এটা আভ্যন্তৰীণ অৱস্থাৰ বৰ্ণনাৰ যোগেদি প্ৰতিষ্ঠা কৰা হয়।[11]
আৱেগবোৰ বৰ জটিল। আৱেগে আমাৰ আচৰণত পৰিৱৰ্তন ঘটায় নে নঘটাই সেই সম্পৰ্কে বিভিন্ন তত্ত্ব পোৱা যায়।[12]