আন্তৰ্জাতিক মানৱ অধিকাৰ আইন
From Wikipedia, the free encyclopedia
আন্তৰ্জাতিক মানৱ অধিকাৰ আইন (ইংৰাজী: International Human Rights Law) সামাজিক, আঞ্চলিক তথা গাৰ্হস্থ্য স্তৰত মানৱ অধিকাৰ প্ৰচাৰৰ হেতু পৰিকল্পিত আন্তৰ্জাতিক আইনৰ এক অঙ্গ। আন্তৰ্জাতিক আইনৰ এটি ৰূপ হিচাপে আন্তৰ্জাতিক মানৱ অধিকাৰ আইন মূলত কিছুমান চুক্তিৰে গঠিত, আন্তঃৰাষ্ট্ৰীয় আইনৰ এক ৰূপ হিচাপে, আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইনসমূহ প্ৰাথমিকভাৱে কোনো সন্ধি, সাৰ্বভৌম ৰাষ্ট্ৰৰ মাজত বুজাপৰা ইত্যাদিৰ পৰা সন্মতি প্ৰকাশ কৰা পক্ষকেইটাৰ মাজত এক আইনী বান্ধোন গঢ় দিয়া, আৰু প্ৰচলিত আন্তঃৰাষ্ট্ৰীয় আইনৰ উদ্দেশ্যেৰে উদ্ভৱ হয়; তথা ই এক প্ৰথাগত আন্তৰ্জাতিক আইন। অন্যান্য আন্তঃৰাষ্ট্ৰীয় মানৱধিকাৰ উপকৰণ, যি নেকি আইনগত ভাৱে বাধ্যতামূলক নহয়, আন্তঃৰাষ্ট্ৰীয় মানৱধিকাৰ আইনৰ প্ৰয়োগ, বোধগম্যতা আৰু বিকাশত সহযোগিতা আগবঢ়াই আৰু এই সমূহক ৰাজনৈতিক বাধ্যবাধকতাৰ উৎস হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে।[1]
আন্তৰ্জাতিক মানৱ অধিকাৰ আইন আৰু আন্তৰ্জাতিক মানৱতাবাদী আইনৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত আন্তৰ্জাতিক আইন বিশেষজ্ঞ সকলৰ মাজত যথেষ্ট মতভেদ আছে। এই আলোচনাটি আন্তৰ্জাতিক আইনৰ বৃহত্তৰ আলোচনাৰ অংশ হিচাপে গঠিত।[2] বহুবাদী পণ্ডিত সকলে আন্তৰ্জাতিক মানৱাধিকাৰ আইনক আন্তৰ্জাতিক মানৱতাবাদী আইনৰ পৰা পৃথক বুলি ধাৰণা কৰে। সেয়ে সংবিধানবাদী পদ্ধতিৰ সমৰ্থকৰা পৰৱৰ্তী সময়ছোৱাক পূৰ্বৱৰ্তী সময়ৰ উপসংহতি হিচাপে বিবেচনা কৰে।[3] সংক্ষেপে, যি পৃথক, স্বনিৰ্ভৰ শাসন ব্যৱস্থা পছন্দ কৰে তেওঁলোকে প্ৰয়োগযোগ্যতাৰ পাৰ্থক্যৰ ওপৰত অধিক গুৰুত্ব দিয়ে। আন্তৰ্জাতিক মানৱতাবাদী আইন কেৱল সশস্ত্ৰ সংঘাতৰ সময়ত প্ৰযোজ্য।
আন এক পদ্ধতিগত দৃষ্টিভঙ্গিৰে চালে, আন্তৰ্জাতিক মানৱতাবাদী আইনে আন্তৰ্জাতিক মানবাধিকাৰ আইনৰ এক কাৰ্যকাৰিতাক প্ৰতিনিধিত্ব কৰে; ইয়াত কিছুমান সাধাৰণ নিয়মাৱলী অন্তৰ্ভুক্ত হৈছে যি সমূহ সৰ্বকালৰ বাবে প্ৰযোজ্য। এইসমূহ কিছু বিশেষ পৰিস্থিতি যেনে ৰাষ্ট্ৰ ও সামৰিক দখল উভয়ৰ মাজত সশস্ত্ৰ সংঘাত বা শৰণাৰ্থী শিশু আৰু যুদ্ধবন্দী সহ কিছু লোকৰ গোষ্ঠীৰ ক্ষেত্ৰত প্ৰযোজ্য।