আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়
ৰাষ্ট্ৰসংঘৰ চূড়ান্ত ন্যায় পালিকা। / From Wikipedia, the free encyclopedia
আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় বা বিশ্ব ন্যায়ালয় বা আন্তঃৰাষ্ট্ৰীয় ন্যায়বিচাৰ আদালত[1] (ইংৰাজী: International Court of Justice) হৈছে ৰাষ্ট্ৰসংঘৰ চূড়ান্ত ন্যায়পালিকা। ৰাষ্ট্ৰ সমূহৰ মাজৰ মতানক্য সমাধান কৰা আৰু ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ অংগ সমূহক আইনী পৰামৰ্শ প্ৰদান কৰা ইয়াৰ মুখ্য কাৰ্য। ৰায় আৰু বিচৰাৰ যোগেদি আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে আন্তৰ্জাতিক আইনৰ উৎস হিচাপে কাম কৰে।
আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় | |
---|---|
International Court of Justice Cour internationale de justice | |
আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ছীল | |
প্ৰতিষ্ঠা | ১৯৪৫ (১৯৪৬ চনত আন্তঃৰাষ্ট্ৰীয় স্থায়ী ন্যায়বিচাৰ আদালত ভংগ হৈছিল) |
ক্ষেত্ৰাধিকাৰ | বিশ্বব্যাপী (ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰ) |
অৱস্থান | দা হেগ, নেদাৰলেণ্ড |
স্থানাংক | 52°05′11.8″N 4°17′43.8″E |
প্ৰাধিকাৰক |
|
বিচাৰকৰ কৰ্মকাল | ৯ বছৰ |
পদৰ সংখ্যা | ১৫ |
ৱেবছাইট | www.icj-cij.org |
বৰ্তমান | আব্দুলকাৱাই ইউচুফ (অধ্যক্ষ) |
কেতিয়াৰ পৰা | ৬ ফেব্ৰুৱাৰী ২০১৮ |
মুখ্য পদ উকলিব | ৫ ফেব্ৰুৱাৰী ২০২১ |
বৰ্তমান | ছুৱে হেনকিন (উপাধ্যক্ষ) |
কেতিয়াৰ পৰা | ৬ ফেব্ৰুৱাৰী ২০১৮ |
পদ উকলিব | ৫ ফেব্ৰুৱাৰী ২০২১ |
আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ পূৰ্বসূৰী হৈছে আন্তঃৰাষ্ট্ৰীয় স্থায়ী ন্যায়বিচাৰ আদালত। ১৯২০ চনত স্থাপিত হোৱা ৰাষ্ট্ৰসংঘৰ পূৰ্বসূৰী জাতিসংঘয়ে ১৯২২ চনত আন্তঃৰাষ্ট্ৰীয় স্থায়ী ন্যায়বিচাৰ আদালত স্থাপন কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত জাতিসংঘ আৰু আন্তঃৰাষ্ট্ৰীয় স্থায়ী ন্যায়বিচাৰ আদালত দুয়ো ভংগ হৈছিল। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ বিধি ইয়াৰ পূৰ্বসূৰী আন্তঃৰাষ্ট্ৰীয় স্থায়ী ন্যায়বিচাৰ আদালতৰ পৰা আহিছে। ১৯৪৬ চনত আন্তঃৰাষ্ট্ৰীয় স্থায়ী ন্যায়বিচাৰ আদালত ভংগ হয় যদিও ইয়াৰ ৰায়দান সমূহ বাহাল থাকে। ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰয়ে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় বিধি মানি চলে।
আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ১৫ জন ন্যায়াধীশ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা আৰু নিৰাপত্তা পৰিষদে ৯ বছৰ কাৰ্যকালৰ বাবে নিৰ্বাচিত কৰে। ইয়াৰ মুখ্য কাৰ্যালয় নেদাৰলেণ্ডৰ দা হেগ চহৰৰ পীচ পেলেচ বা শান্তিৰ মহলত অৱস্থিত। ই ৰাষ্ট্ৰসংঘৰ একমাত্ৰ মুখ্য অংগ যাৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত নহয়।[2] ইয়াৰ অধিকাৰীক চৰকাৰী ভাষা ইংৰাজী আৰু ফৰাছী।