আধুনিক পদাৰ্থবিজ্ঞান
From Wikipedia, the free encyclopedia
আধুনিক পদাৰ্থবিজ্ঞান বুলিলে নিউটনৰ পৰৱৰ্তী কালছোৱাত বিকশিত হোৱা পদাৰ্থবিজ্ঞানৰ ধাৰণাসমূহক বুজোৱা হয়। আচলতে ভৌতিক পৰিঘটনাসমূহক ধ্ৰুপদী তত্ত্বৰে ব্যাখ্যা আগবঢ়াবলৈ যাওঁতে কিছুমান আসোঁৱাহ ৰৈ গৈছিল। সেইবাবে প্ৰকৃতিৰ নীতি-নিয়মসমূহ সঠিকভাৱে বুজিবলৈ নিউটনৰ দিনৰ ধ্ৰুপদী তত্ত্বক অতিক্ৰম কৰি কিছুমান নতুন বিকশিত তত্ত্বৰ প্ৰয়োজন হৈছিল। প্ৰকৃতিৰ গূঢ়াৰ্থ বুজিবলৈ কোৱাণ্টাম বলবিজ্ঞান, আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্ব অথবা দুয়োটাৰে আৱশ্যক হৈছিল। দৰাচলতে আধুনিক পদাৰ্থবিজ্ঞান বুলিলে কুৰি শতিকাৰ প্ৰথমভাগত জন্ম হোৱা তত্ত্ব বা ইয়াৰ প্ৰভাৱত পৰৱৰ্তী সময়ছোৱাত বিকশিত পদাৰ্থবিজ্ঞানৰ যিকোনো ক্ষেত্ৰকে বুজোৱা হয়।
কম বেগ আৰু দীৰ্ঘ দূৰত্ব হৈছে ধ্ৰুপদী পদাৰ্থবিজ্ঞানৰ এক অবিচ্ছেদ্য অংগ। কিন্তু আধুনিক পদাৰ্থবিজ্ঞানে একেবাৰে চূড়ান্ত অৱস্থাবোৰহে বিশ্লেষণ কৰে। উদাহৰণস্বৰূপে কোৱাণ্টাম পৰিঘটনাসমূহ পৰমাণুৰ পৰ্যায়ৰ আকাৰতহে (প্ৰায় ১০−৯ মিটাৰ) দৃশ্যমান হয়। আনফালে আপেক্ষিকতাবাদৰ প্ৰভাৱসমূহ একেবাৰে পোহৰৰ বেগৰ পৰ্য্যায়তহে (প্ৰায় ৩ × ১০৮ মিটাৰ/ছেকেণ্ড) দৃষ্টিগোচৰ হয়। সাধাৰণতে কোৱাণ্টাম আৰু আপেক্ষিক প্ৰভাৱসমূহ যিকোনো পৰ্য্যায়ৰ স্কেলতে বিৰাজমান, কিন্তু দৈনন্দিন জীৱনত সিহঁতৰ প্ৰভাৱ প্ৰায় নগণ্য।