আঁঠু
From Wikipedia, the free encyclopedia
আঁঠু (ইংৰাজী: Knee) নামৰ এই গাঁঠি, জোৰা বা সন্ধি আমাৰ উৰু আৰু ভৰিৰ মাজভাগত থকা এটা অতি আৱশ্যকীয় গাঁঠি৷ ইয়াত উৰুৰ ডাঙৰ হাড় ফিমাৰ (ইংৰাজী: Femur) আৰু ভৰিৰ ফালৰ দীঘল আৰু সবল হাড় টিবিয়া (ইংৰাজী: Tibia) আহি লগ লাগিছে৷ তদুপৰি আঁঠুৰ ঘিলা (ইংৰাজী: Patella) নামৰ এটা সৰু আৰু প্ৰায় ঘূৰণীয়া হাড়ো এই গাঁঠিটোৰ সন্মুখ ভাগত থাকে৷ এই তিনিডাল হাড় লগ লাগি আঁঠুটো গঠিত৷ হাড়কেইডালক সোঁৱে-বাঁৱে,আগে-পিছে কেইবাটাও শক্তিশালী লিগামেণ্টে ইটোৰ লগত সিটোক বান্ধি ৰাখিছে৷ তদুপৰি দুডাল অতি শক্তিশালী লিগামেণ্ট গাঁঠিৰ ভিতৰত থাকিও হাড় দুডালক সংযোগ কৰি ৰাখে৷ এই দুডালক ক্ৰুছিয়েট লিগামেণ্ট বোলা হয়৷ ইয়াৰ উপৰি টান ক'লা কোষেৰে গঠিত এখন আৱৰণে (ইংৰাজী: Capsule) গাঁঠিৰ ভিতৰখন আৱৰি ৰাখে৷ ফিমাৰ আৰু টিবিয়া নামৰ হাড় দুডালৰ গাঁঠিত লগ লগা মূৰ দুটা মিহি আৰু কিছু টান কাৰ্টিলেজেৰে আৱৰি থাকে৷ এই কাৰ্টিলেজক মিনিস্কাছ (ইংৰাজী: Miniscus) বোলা হয়৷ আনহাতে গাঁঠিৰ ভিতৰখন মিহি কৰি ৰাখিবলৈ কেপছুল নামৰ আৱৰণৰ ভিতৰফালে আন এখন মিহি কলাৰে গঠিত Synvial Membrane নামৰ পাতল আৱৰণ থাকে৷ ইয়াৰ ভিতৰত থকা কিছু পিছলীয়া তৰল পদাৰ্থই গাঁঠিৰ ভিতৰখনত হাড়ৰ মূৰকেইটা সূচলভাৱে লৰচৰ কৰাত সহায় কৰে৷ আঁঠুৰ হাড়বোৰৰ দুয়োকাষে ডাঙৰ মাংসপেশী নাই যদিও উৰু আৰু আঁঠুৰ তলফালে থকা মাংসপেশীবোৰে আঁঠুটোক স্থিৰেৰে ৰখা আৰু লৰচৰ কৰাত সহায় কৰে৷ আঁঠু দুটাত হাড় দুডাল কেৱল আগলৈ আৰু পিছলৈহে ভাঁজ লাগে৷ ইয়াত কাষলৈ ভাঁজ কৰাৰ কোনো সুবিধা নাই৷ গাঁঠিৰ চাৰিওফালে থকা মাংসপেশীকেইটা সবল হৈ থাকিলেহে আঁঠুটো লৰচৰ কৰিব পাৰি৷ আঁঠুৰ ভিতৰত থকা কাৰ্টিলেজ বা মিনিস্কাছ কেইটাই দুডাল সবল হাড়ৰ মাজত কুছনৰ দৰে কাম কৰে আৰু হাড় দুডাল ইটোৰ লগত সিটো ঘঁহনি খোৱাৰ পৰা ৰক্ষা কৰে৷ [1]
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |