অ’পিঅইড আসক্তি
From Wikipedia, the free encyclopedia
অ’পিঅইড আসক্তি (ইংৰাজী: Opioid addiction) বা অ’পিঅইড ব্যৱহাৰৰ বিকাৰ (ইংৰাজী: Opioid use disorder, সংক্ষেপে OUD) হৈছে অ’পিঅইডৰ ব্যৱহাৰ সম্বন্ধীয় এবিধ দ্ৰব্য ব্যৱহাৰৰ বিকাৰ (SUD)। এনে যিকোনো বিকাৰে যথেষ্ট অক্ষমতা বা যাতনাৰ সৃষ্টি কৰে।[3] এই বিকাৰৰ লক্ষণসমূহ হ’ল অ’পিঅইড ব্যৱহাৰ কৰাৰ প্ৰবল ইচ্ছা, অ’পিঅইডৰ প্ৰতি সহনশীলতা বৃদ্ধি, বাধ্যবাধকতা পালন কৰাত অসুবিধা, ব্যৱহাৰ হ্ৰাস কৰাত সমস্যা আৰু বন্ধ কৰাৰ লগে লগে প্ৰত্যাহাৰৰ লক্ষণ।[4][5] অ’পিঅইড প্ৰত্যাহাৰৰ লক্ষণসমূহ হ’ল বমি অহাৰ ভাব, পেশীৰ বিষ, ডায়েৰিয়া, টোপনিৰ সমস্যা, উত্তেজনা আৰু কম মেজাজ।[5] আসক্তি আৰু নিৰ্ভৰশীলতা হৈছে দ্ৰব্য ব্যৱহাৰৰ বিকাৰৰ উপাদান।[13]
অ’পিঅইড আসক্তি | |
---|---|
অন্য নাম | অ’পিঅইড ব্যৱহাৰৰ বিকাৰ, সমস্যাজনক অ’পিঅইড ব্যৱহাৰ,[1] অ’পিঅইডৰ অপব্যৱহাৰ,[2] অ’পিঅইড নিৰ্ভৰশীলতা[3] |
মৰফিনৰ আণৱিক গঠন | |
বিভাগ | এডিক্শ্যন মেডিচিন, মনোৰোগ বিজ্ঞান |
লক্ষণ | অ’পিঅইড ব্যৱহাৰ কৰাৰ প্ৰবল ইচ্ছা, অ’পিঅইডৰ প্ৰতি সহনশীলতা বৃদ্ধি, বাধ্যবাধকতা পূৰণ কৰিবলৈ ব্যৰ্থ, ব্যৱহাৰ হ্ৰাস কৰাত সমস্যা, বন্ধ কৰাৰ লগে লগে প্ৰত্যাহাৰৰ লক্ষণ[4][5] |
জটিলতা | অ’পিঅইডৰ অতিমাত্ৰা সেৱন, হেপাটাইটিছ চি, বিবাহৰ সমস্যা, নিবনুৱা সমস্যা, দৰিদ্ৰতা[4][5] |
স্থায়িত্ব | দীৰ্ঘম্যাদী[6] |
কাৰণ | অ’পিঅইড[3] |
ৰোগ নিৰূপণ | ডিএছএম-৫ ত থকা মাপকাঠীৰ ওপৰত ভিত্তি কৰি[4] |
একেধৰণৰ ৰোগ | অত্যধিক সুৰাসক্তি |
চিকিৎসা | অ’পিঅইড প্ৰতিস্থাপন থেৰাপি, আচৰণগত থেৰাপি, বাৰটা পদক্ষেপৰ কাৰ্যসূচী, নেল’ক্স’ন ঘৰলৈ লৈ যোৱা কাৰ্যসূচী[7][8][9] |
ঔষধ | বিউপ্ৰেন’ৰফিন, মিথাড’ন, নেলট্ৰেক্স’ন[7][10] |
পুনৰাবৃত্তি | ২৭ মিলিয়ন[4][11] |
মৃত্যু | ১,২২,০০০ (২০১৫)[12] |
অ’পিঅইড আসক্তিৰ বাবে বিপদজনক কাৰকসমূহৰ ভিতৰত অ’পিঅইড অপব্যৱহাৰৰ ইতিহাস, বৰ্তমান অ’পিঅইডৰ অপব্যৱহাৰ, কম বয়স, আৰ্থ-সামাজিক স্থিতি, জাতি, চিকিৎসা নকৰা মানসিক বিকাৰ, আৰু অপব্যৱহাৰক (সামাজিক, পাৰিবাৰিক, পেছাদাৰী ইত্যাদি) প্ৰসাৰিত কৰা পৰিৱেশ আদি অন্তৰ্ভুক্ত।[14][15] জটিলতাসমূহৰ ভিতৰত অ’পিঅইডৰ অতিমাত্ৰা সেৱন, আত্মহত্যা, এইচ আই ভি/এইড্ছ, হেপাটাইটিছ চি, আৰু স্কুল, কৰ্মক্ষেত্ৰ বা ঘৰত হোৱা সমস্যা আদি হ’ব পাৰে।[5][4] আমেৰিকান ছাইকিয়েট্ৰিক এছ’চিয়েশ্যনে প্ৰকাশ কৰা ডিএছএম-৫ ৰ মাপকাঠীৰ ওপৰত ভিত্তি কৰি ৰোগ নিৰ্ণয় কৰিব পৰা যায়।[4] যদি এবছৰৰ ভিতৰত এঘাৰটা মাপকাঠীৰ ভিতৰত দুটাতকৈ অধিক মাপকাঠীৰ উপস্থিতি পোৱা যায়, তেন্তে ৰোগ নিৰ্ণয়ত এই আসক্তিৰ উপস্থিতি থকা বুলি নিশ্চিত হয়।[4]
অ’পিঅইডসমূহৰ ভিতৰত হেৰ’ইন, মৰফিন, ফেণ্টানিল, ক’ডিন, ডাইহাইড্ৰ’ক’ডিন, অক্সিক’ড’ন, হাইড্ৰ’ক’ড’ন আদি পদাৰ্থ অন্তৰ্ভুক্ত।[5][6] বিভিন্ন অ’পিঅইডৰ আপেক্ষিক শক্তিৰ বাবে এটা উপযোগী মানদণ্ড হ’ল মৰফিন মিলিগ্ৰাম সমতুল্য (Morphine milligram equivalents, সংক্ষেপে MME)।[16] অ’পিঅইডৰ বিধান দিয়াৰ সময়ত চিকিৎসকে দৈনিক এমএমইৰ কথা উল্লেখ কৰাটো বাঞ্ছনীয় যাতে অপব্যৱহাৰ আৰু বিৰূপ প্ৰভাৱৰ আশংকা হ্ৰাস পায়।[17]
আঘাতপ্ৰাপ্ত অৱস্থা বা অস্ত্ৰোপচাৰৰ লগত জড়িত বিষৰ বাবে অ’পিঅইড ব্যৱহাৰ কৰা প্ৰায় ৪% লোকৰ ক্ষেত্ৰত অ’পিঅইডৰ ব্যৱহাৰ দীৰ্ঘদিনীয়া হোৱা দেখা যায়।[18] আমেৰিকা যুক্তৰাষ্ট্ৰত বেছিভাগ হেৰ’ইন ব্যৱহাৰকাৰীয়ে প্ৰেছক্ৰিপচন অ’পিঅইড ব্যৱহাৰ কৰি আৰম্ভ কৰে যিবোৰ অবৈধভাৱেও কিনিব পৰা যায়।[19][20]
অ’পিঅইড ব্যৱহাৰৰ বিকাৰ থকা লোকসকলক প্ৰায়ে মিথাড’ন বা বিউপ্ৰেন’ৰফিন ব্যৱহাৰ কৰি অ’পিঅইড প্ৰতিস্থাপন থেৰাপিৰ দ্বাৰা চিকিৎসা কৰা হয়।[21] এনে চিকিৎসাৰ ফলত মৃত্যুৰ সম্ভাৱনা হ্ৰাস পায়।[21] অতিৰিক্তভাৱে তেওঁলোকে বোধগত আচৰণগত থেৰাপি, মানসিক স্বাস্থ্য পেছাদাৰীসকলৰ পৰা অন্যান্য ধৰণৰ সহযোগিতা, যেনে ব্যক্তিগত বা গোট থেৰাপি, বাৰটা পদক্ষেপৰ কাৰ্যসূচী আৰু অন্যান্য সমপৰ্যায়ৰ সমৰ্থন কাৰ্যসূচীৰ দ্বাৰা উপকৃত হ’ব পাৰে।[22] ৰোগৰ পুনৰাক্ৰমণ প্ৰতিৰোধ কৰিবলৈ নেলট্ৰেক্স’ন ঔষধো উপযোগী হ’ব পাৰে।[10][8] অ’পিঅইডৰ অতিমাত্ৰাৰ চিকিৎসাৰ বাবে নেল’ক্স’ন উপযোগী আৰু তেওঁলোকক ঘৰলৈ নিবলৈ নিজৰ দায়িত্বত নেল’ক্স’ন দিয়াটো উপকাৰী।[23] ২০২০ চনত ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই (চিডিচি) অনুমান কৰিছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰায় ৩০ লাখ লোকে অ’পিঅইড ব্যৱহাৰৰ বিকাৰত আক্ৰান্ত হৈ আছিল আৰু ৬৫,০০০ৰো অধিক লোক অ’পিঅইডৰ অতিমাত্ৰা সেৱনৰ ফলত মৃত্যুবৰণ কৰিছিল, ইয়াৰে ১৫,০০০তকৈও অধিক লোকে অতিমাত্ৰা হেৰ’ইন সেৱন কৰিছিল।[24][25] শেহতীয়া হিচাপ অনুসৰি বিশ্বজুৰি অ’পিঅইড আসক্তিত আক্ৰান্ত আৰু বাৰ্ষিক অ’পিঅইডৰ অতিমাত্ৰা সেৱন কৰা লোকৰ সংখ্যা ক্ৰমে ১ কোটি ৬০ লাখ আৰু ১ লাখ ২০ হাজাৰ।[26]