অসম ৰত্ন
From Wikipedia, the free encyclopedia
অসম ৰত্ন অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান৷ সাহিত্য, কলা, বিজ্ঞান, সমাজসেৱা আদি ক্ষেত্ৰত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক এই সন্মান প্ৰদান কৰা হয়৷ অসমৰ জাতীয় জীৱনৰ সৃষ্টি ধৰ্মী, বিকাশমুখী চেতনাৰ লগত নিজকে নিবিড় ভাৱে জড়িত কৰি নিজ কৰ্ম দক্ষতাৰে প্ৰভূত বৰঙণি যোগাই অহা ব্যক্তিৰ সাধনালব্ধ প্ৰচেষ্টাৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰে ২০০৯ চনৰ পৰা অসম ৰত্ন বঁটা প্ৰৱৰ্তন কৰিছে। এই বঁটাত আছে এখনি অংগ বস্ত্ৰ, এটি স্মৃতি চিহ্ন আৰু নগদ তিনি লাখ টকা। ২০০৯ বৰ্ষৰ বাবে ড॰ ভূপেন হাজৰিকাই প্ৰথমবাৰ এই বঁটা লাভ কৰে। শেহতীয়াকৈ বিশিষ্ট অসমীয়া বিজ্ঞানী ড॰ জিতেন্দ্ৰনাথ গোস্বামীক ২০১৫ বৰ্ষৰ বাবে এই বঁটা লাভ কৰিছে।[1]
ক্ষিপ্ৰ তথ্য বঁটাৰ তথ্য, প্ৰকাৰ ...
অসম ৰত্ন | ||
বঁটাৰ তথ্য | ||
---|---|---|
প্ৰকাৰ | অসামৰিক | |
শ্ৰেণী | সাধাৰণ | |
প্ৰতিষ্ঠা | ২০০৯ | |
অন্তিমবাৰ প্ৰদান | ২০১৫ | |
মুঠ প্ৰদানৰ সংখ্যা | ৩ | |
প্ৰদানকৰ্তা | অসম চৰকাৰ | |
প্ৰথম প্ৰাপক | ড॰ ভূপেন হাজৰিকা | |
অন্তিম প্ৰাপক | ড॰ জিতেন্দ্ৰনাথ গোস্বামী |
বন্ধ কৰক