অসমীয়া গালি-গালাজ
From Wikipedia, the free encyclopedia
অসমীয়া গালি-গালাজ, শাও-শপনি লোকভাষাৰ এক অংগ।[1] এইসমূহ সাধাৰণতে অসমৰ গাঁওসমূহত সহজ-সৰল মানুহৰ মাজত প্ৰথমে সৃষ্টি হৈছিল। এইসমূহ সমাজত মুকলিকৈ ব্যৱহাৰ কৰাটো অবাঞ্ছনীয় বুলি ধৰা হয়।[2] লোকসকলে খং-ৰাগ, সুখ-দুখ ইত্যাদি আৱেগসমূহ প্ৰকাশৰ বাবে এনে শব্দৰ ব্যৱহাৰ কৰিছিল।[3] সেয়ে ইয়াক গাঁৱলীয়া শব্দ বা ইতৰ শব্দ বুলিও কোৱা হয়। শাও-শপনি, গালি-গালাজে যাদুকৰী ক্ৰিয়া সম্পাদন কৰিব পাৰে বুলি বিশ্বাস কৰা হয়। শাও-শপনি আৰু গালি-গালাজে সমাজ জীৱনৰ ৰুচিৰ পৰিচয় দিয়ে। লোক জীৱনে বিশ্বাস কৰে শাও-শপনি আৰু গালি-গালাজে অভিশাপৰ ভূমিকা পালন কৰে। শাও-শপনিৰ সৈতে বিভিন্ন শ্লীল আৰু অশ্লীল মুদ্ৰাভংগী অংগাংগীভাৱে সম্পৃক্ত। শাও-শপনিবোৰ বিভিন্নভাৱে শ্ৰেণী বিভাজন কৰিব পাৰি। এইসমূহ মানুহৰ মুখে মুখে চলি অহা। ইয়াক কোনো আনুষ্ঠানিক পদ্ধতিৰে শিকা নহয়। ইয়াৰ দ্বাৰা সমাজে মানুহৰ ব্যক্তিত্বৰ অনুমান কৰে। এই গালি বা শপনিবোৰ আক্ৰমণ সূচক। ই মানুহৰ মনঃস্তত্ত্বৰ ওপৰত ক্ৰিয়া কৰে। ইয়াৰ দ্বাৰা ব্যক্তিৰ আৱেগ অনুভূতিত প্ৰভাৱ পেলাব পাৰি।[4][5]