অমৰনাথ মন্দিৰ
ন্মু-কাশ্মীৰৰ সীমান্তৰ ওচৰত হিন্দু ধৰ্মাৱলম্বী সকলৰ এখন তীৰ্থস্থান / From Wikipedia, the free encyclopedia
অমৰনাথ মন্দিৰ হিন্দু ধৰ্মাৱলম্বী সকলৰ এখন প্ৰধান তীৰ্থস্থান। হিন্দুসকলৰ চাৰিধামৰ ভিতৰত এইখনৰ গুৰুত্ব অসীম। জন্মু-কাশ্মীৰৰ সীমান্তৰ ওচৰত, শ্ৰীনগৰৰ পৰা প্ৰায় ১৪১ কিলোমিটাৰ দূৰৈত ৩,৮৮৮ মিটাৰ[1] (১২,৭৫৬ ফুট) উচ্চতাত অৱস্থিত, বৰফেৰে আবৃত অমৰনাথ গুহাৰ ভিতৰত সম্পূৰ্ণ প্ৰাকৃতিক ধৰণে প্ৰতি বছৰে সৃষ্টি আৰু নাইকিয়া হোৱা দক্ষিণমুখী শিৱলিংগ প্ৰকৃতিৰ এক আচৰিত সৃষ্টিৰ অন্যতম।
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
অমৰনাথ মন্দিৰ | |
---|---|
অমৰনাথ মন্দিৰ, জম্মু আৰু কাশ্মীৰ | |
ভূ-স্থানাংক | 34.2149°N 75.5008°E / 34.2149; 75.5008 |
স্থান | |
দেশ | ভাৰত |
ৰাজ্য/ অঞ্চল | জম্মু আৰু কাশ্মীৰ |
জুলাইৰ পৰা আগষ্টলৈকে (শাওণ মাহ) ৪৫ দিনীয়া এই সময়ছোৱাত প্ৰায় চাৰি লাখ ভক্ত অমৰনাথ দৰ্শনৰ বাবে আহে। সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু ভাবুকিৰ বাবে ১৯৯১ চনৰ পৰা ১৯৯৫ চনলৈকে চৰকাৰে এই যাত্ৰা বন্ধ কৰি দিছিল। কিন্তু সন্ত্ৰাসবাদী বিলাকে ১৯৯৬ চনত এই যাত্ৰাত ভক্তসকলক একো ক্ষতি নকৰে বুলি আশ্বাস দিয়াত তেতিয়াৰে পৰা আগতকৈয়ো অধিকলোক অমৰনাথ দৰ্শনৰ বাবে আহিবলৈ ল’লে। হ’লেও ২০০০ চনত কোনো এক সন্ত্ৰাসবাদী দলৰ আক্ৰমণত প্ৰায় ত্ৰিশজন যাত্ৰী আৰু সহায়কে প্ৰাণহেৰুৱাব লগীয়া হয়। এই যাত্ৰাক লৈ বিতৰ্কৰো অন্ত নাই। ২০০৮ চনত ভাৰত চৰকাৰ আৰু কাশ্মীৰ চৰকাৰে যাত্ৰীসকলৰ সুবিধাৰ বাবে ১০০একৰ বনভূমি ”Shri Amarnathji Shrine Boar” ক হস্তান্তৰ কৰিব খুজিছিল যদিও কেইবাটাও সন্ত্ৰাসবাদীদলৰ হেঁচাত কাশ্মীৰ চৰকাৰে পিচহোঁহোকা মাৰিলে।