অধিবৰ্ষ
From Wikipedia, the free encyclopedia
অধিবৰ্ষ বা লিপ ইয়েৰ হৈছে পঞ্জিকাৰ এটা অতিৰিক্ত দিন যি প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আহে৷ জ্যোতিৰ্বিজ্ঞানৰ মতে, জাৰকালি বা জহকালি যিয়েই নহওক এটা দিনত ২৪ ঘণ্টাই থাকে৷ সেইদৰে ৩৬৫ দিনত এবছৰ হয়৷ কিন্তু প্ৰকৃততে পৃথিৱীয়ে সূৰ্যক সম্পূৰ্ণৰূপে এবাৰ প্ৰদক্ষিণ কৰিবলৈ ৩৬৫ দিন ৫ ঘণ্টা ৪৯ মিনিট ১২ ছেকেণ্ড সময় লাগে৷ গতিকে ৩৬৫ দিনীয়া এটা বছৰত ৫ ঘণ্টা ৪৯ মিনিট ১২ ছেকেণ্ড ৰাহি হৈ গৈ থাকে৷ এইদৰে চাৰিটা বছৰৰ মূৰত সম্পূৰ্ণ এটা দিন অতিৰিক্তভাৱে ওলাই আহে৷ গতিকে যিটো বছৰত এই অতিৰিক্ত দিনটো সংযোগ হয় তাক অধিবৰ্ষ বোলা হয়৷[1]