অচাইৰিছ
From Wikipedia, the free encyclopedia
অচাইৰিছ (ইংৰাজী: Osiris) হৈছে প্ৰাচীন ইজিপ্টৰ উৰ্বৰতা, কৃষি, পৰলোক, মৃত্যু, পুনৰজীৱন আৰু জীৱনৰ দেৱতা। তেওঁৰ গাৰ বৰণ সেউজীয়া। অচিৰিছক ফাৰাওসকলৰ দৰে কৃত্ৰিম দাড়ি, ভৰিত মামীসমূহ মেৰিওৱা বস্ত্ৰ আৰু এটিফ মুকুটেৰে সৈতে চিত্ৰায়িত কৰা হয়। তেওঁ হাতত হাঁকোটা আৰু ফ্লেইল ধাৰণ কৰে।[1] মামী আবৃতকৰণৰ সৈতে জড়িত তেৱেঁই প্ৰথমগৰাকী দেৱতা। অচিৰিছৰ ভ্ৰাতৃ ছেটে তেওঁক হত্যা কৰি শৰীৰটো টুকুৰা-টুকুৰকৈ কাটে। তেওঁৰ সহধৰ্মিণী আইচিছে আটাইবোৰ টুকুৰা বিচাৰি শৰীৰটো বান্ধি পেলায় আৰু পুনৰ জীয়াই তোলে। অচাইৰিছক পৃথিৱীৰ দেৱতা গেব[2] আৰু আকাশৰ দেৱী নূটৰ জ্যেষ্ঠ সন্তান বুলি গণ্য কৰা হয়। আইচিছ তেওঁ ভগ্নীৰ লগতে সহধৰ্মিণীও। তেওঁৰ পুত্ৰ হৈছে হ'ৰাছ যাক তেওঁ মৰণোত্তৰভাৱে তুলি লৈছিল।[2] অচাইৰিছ খেণ্টি-এমেণ্টিও নামৰ এক গুণমালাৰ সৈতে জড়িত য'ত তেওঁক মৃত্যুলোকৰ ৰজা হিচাপে উপস্থাপন কৰা হৈছে।[3] তেওঁক চন্দ্ৰৰ দেৱতা হিচাপেও অভিহিত কৰা হয়।[4]
অচাইৰিছ Osiris | ||||
---|---|---|---|---|
অচাইৰিছৰ দেহৰ সেউজীয়া ৰঙে পুনৰজন্মক সূচায়। | ||||
মিছৰীয় চিত্ৰলিপিৰ মতে | ||||
মুখ্য উপাসনাস্থল | বাচাইৰিছ, এবিড'ছ | |||
প্ৰতীক | হাঁকোটা আৰু ফ্লেইল, এটিফ মুকুট, উটপক্ষীৰ পাখি, মাছ, মামী মেৰিওৱা কাপোৰ, জেড স্তম্ভ | |||
সঙ্গী | আইচিছ | |||
পিতৃ-মাতৃ | গেব আৰু নূট | |||
সহোদৰ | আইচিছ, ছেট, নেফথিছ, হেৰু ৱেৰ | |||
সন্তান | হ'ৰাছ, এনুবিছ (কোনো কোনো সূত্ৰৰ মতে) |
অচাইৰিছক আইচিছ, ছেট আৰু জ্যেষ্ঠ হ'ৰাছৰ ভাতৃ আৰু কনিষ্ঠ হ'ৰাছৰ পিতৃ হিচাপে গণ্য কৰা হয়।[5] খ্ৰীষ্টপূৰ্ব ২৫ শতিকা অৰ্থাৎ প্ৰাচীন ইজিপ্টৰ পঞ্চমটো ৰাজবংশৰ মধ্যভাগতে অচাইৰিছক উপাসনা কৰাৰ প্ৰথমটো প্ৰমাণ পোৱা যায়। অৱশ্যে তেওঁৰ উপাসনা ইয়াতকৈ পুৰণি কালৰ পৰাও চলি আহিব পাৰে[6] কিয়নো খেণ্টি-এমেণ্টি গুণমালাখন অতি কমেও প্ৰথম ৰাজবংশৰ সময়ৰে। অচিৰিছৰ আখ্যানসমূহৰ অধিকাংশই পঞ্চম ৰাজবংশৰ শেষৰ ফালৰ পিৰামিড লিপিসমূহৰ পৰা লোৱা হৈছে। পৰৱৰ্তী কালৰ নতুন ৰাজ্যসমূহৰ বিভিন্ন লিপি আৰু গ্ৰীক লেখকসকলৰ লেখনিৰ পৰাও এই আখ্যানসমূহ তুলি লোৱা হৈছে।[7][8]
অচাইৰিছ হৈছে পাতাললোক বা ডুৱেটত থকা মৃতকসকলৰ বিচাৰকৰ্তা। তেওঁ শস্য-বন ইত্যাদিৰ লগতে সকলো জীৱৰে প্ৰাণ প্ৰদান কৰোঁতা। নাইল নদীৰ পলসযুক্ত বানপানীৰো তেওঁ হোতা। অচাইৰিছক "সৰ্বদা কৃপালু আৰু চিৰযৌৱনসমৃদ্ধ" বুলি বৰ্ণনা কৰা হৈছে।[9] তেওঁক নিঃশব্দতাৰ গৰাকী বুলিও আখ্যা দিয়া হয়।[10] ফাৰাওসকল মৃত্যুৰ লগে লগে অচাইৰিছৰ সংগত এক যাদুকৰী প্ৰক্ৰিয়াৰ যোগেদি দৈৱিক জীৱন লাভ কৰে বুলি বিশ্বাস কৰা হৈছিল কিয়নো এই দেৱতাগৰাকীয়ে নিজে মৃত্যুৰপৰা পুনৰ সাৰ পাই উঠিছিল।[11]
মৃত্যুৰ পিছত পুনৰ জীৱন লাভৰ আশাৰ বাবেই নতুন বছৰৰ আৰম্ভণিতে কালপুৰুষ আৰু লুব্ধকৰ বাৰ্ষিক বিশেষাৱস্থানৰ লগে লগে অচাইৰিছক প্ৰাকৃতিক চক্ৰসমূহ যেনে শস্যমালা আৰু নাইল নদীৰ বাৰ্ষিক বানপানীৰ লগত ক্ৰমান্বয়ে জড়িত কৰি পেলোৱা হৈছিল।[9] ৰোমানসকলৰ সৈতে ইজিপ্টত খ্ৰীষ্টান ধৰ্মৰ প্ৰৱেশ ঘটি প্ৰাচীন মিছৰীয় ধৰ্মৰ পতন নঘটালৈকে অচাইৰিছক ব্যাপক ৰূপত অৰ্চনা কৰা হৈছিল।[12][13]