অক্সফৰ্ড ইংৰাজী অভিধান
From Wikipedia, the free encyclopedia
অক্সফৰ্ড ইংৰাজী অভিধান (ইংৰাজী: Oxford English Dictionary), অক্সফ’ৰ্ড ইউনিভাৰ্ছিটি প্ৰেছৰ দ্বাৰা প্ৰকাশিত এখন ইংৰাজী ভাষাৰ অভিধান[1] বিশ্বৰ বিভিন্ন দেশত ইংৰাজী ভাষাৰ প্ৰায়োগিক ভিন্নতা অন্তৰ্ভুক্ত কৰাৰ লগতে এই অভিধানে ভাষাটোৰ ঐতিহাসিক বিকাশৰ বিষয়েও তথ্য সন্নিবিষ্ট কৰে[2][3]৷ ১৯৮৯ চনত প্ৰকাশ পোৱা এই অভিধানৰ দ্বিতীয় সংস্কৰণত ২০ টা খণ্ড আৰু ২১,৭২৮ টা পৃষ্ঠা আছে৷
দেশ | যুক্তৰাজ্য |
---|---|
ভাষা | ইংৰাজী |
প্ৰকাশকাল | ১৮৮৪ (1884) |
এই অভিধান প্ৰণয়ণৰ কাম ১৮৫৭ চনতে আৰম্ভ হৈছিল যদিও ১৮৮৪ চনতহে ইয়াৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায়৷ পোণপ্ৰথমে এই অভিধানৰ শিৰোনামা ”A New English Dictionary on Historical Principles; Founded Mainly on the Materials Collected by The Philological Society” ৰখা হৈছিল৷ ১৮৯৫ চনত ”The Oxford English Dictionary (OED)” নামটো প্ৰথম ব্যৱহাৰ কৰা হয়৷ ১৯২৮ চনত দহটা খণ্ডৰে সৈতে এই অভিধানৰ পূৰ্ণাংগ ৰূপত পুন: প্ৰকাশিত হয়৷ ২০০০ চনৰ পৰা অভিধানখনৰ এটা তৃতীয় সংস্কৰণৰ কাম অব্যাহত আছে৷
অক্সফৰ্ড ইংৰাজী অভিধানৰ ইলেক্ট্ৰনিক সংস্কৰণটো প্ৰথম ১৯৮৮ চনত প্ৰকাশ পায়৷ ২০০০ চনত ইয়াৰ অনলাইন সংস্কৰণ মুকলি কৰা হয় যি বিপুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়৷ শেহতীয়াকৈ অক্সফৰ্ড ইউনিভাৰ্ছিটি প্ৰেছে ঘোষণা কৰে যে পৰৱৰ্ত্তী সংস্কৰণসমূহ ইলেক্ট্ৰনিক মাধ্যমতহে প্ৰকাশ কৰা হ’ব[4][5]৷